লিমাৰিক – ৰাজুমণি বৰা

PC - Wallpeper Flare

লিমাৰিক

ৰাজুমণি বৰা,গুৱাহাটী

(১)
খুটা এটা ফুটা কৰি পইচা জমালোঁ
চেনেহীক চোলা দিম বুলিযে ভাবিলোঁ
খুটাৰ বেংক খালি
চোৰে কাটি নিলে কালি
মইনা জানক কি ক’ম ভাবি নেপালোঁ।

(২)
লিমাৰিক লেখিকা মায়াকযে দেখিলোঁ
ষ্টাইলতযে পকা মই কিন্তু মানিলোঁ
বেঙুনীয়াতযে বগা
দেখাত লাগিছে ঠৌগা
সুন্দৰেযে সুখীৰ মন্ত্ৰ ময়ো শিকিলোঁ।