লিমাৰিক – হীৰা মণি বৈশ্য

লিমাৰিক

 হীৰা মণি বৈশ্য,শুৱালকুছি

(১)
ধূলিয়ৰী আকাশত নামিছে ফাগুন ,
চেওঁ ধৰি ধৰি সৰাপাতৰ নাচোন,
দিন আজি পলাশৰ,
ৰঙা ৰং মদাৰৰ,
বসন্তৰ বতৰাও আনিছে দেখোন।

(২)
ফাগুন, তুমি হেনো এক প্ৰেমৰ মাহ,
প্ৰেমিকৰ মনত জাগে নৱ উলাহ,
হিয়া দিয়া নিয়া কোৱা,
দুটি মন এটি হোৱা ,
পিছে মোৰহে নুগুছেচোন চৰ্দি কাহ।