লিমাৰিক
সীতা দেৱী সিংহ
বঙাইগাঁও
( ১)
কল্পনা বাইদেউৰ গালি মিঠা মিঠা
খাব নোৱাৰে ফটোতে চেলেকিছে পিঠা
হাঁহি হাঁহি দিয়ে গালি
ঐ কিয় অকলে খালি?
বাইদেউৰ দেখোঁন নুগুচেই লেঠা।
( ২)
ছোৱালী হৈ জন্ম লৈছোঁয়ে যেতিয়া মই
ৰান্ধি খামেই,জিভা চেলেকি থাক তই
খাবলৈ নাপালে বুলি
দিছে চাচোন অ’ গালি
হাৰ্ট কিয় দিলি লাগি গ’ল মোৰ ভয়।
(৩)
ঐ তৰা তোকো মজ্জা এটা দিম বাপেকে
নিজে নাখাৱ বুলি নোজোকাবি চবকে
ৰান্ধি থাকিম সদায়ে
খাই ভাল পাই জীয়ে
আপী হৈ জন্ম, ৰান্ধিব নাজান আঞ্জাকে।