লিমাৰিক
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
আহিলে মানেই ইলেকচন
মানুহৰ মূৰত হয় ৰিয়েকচন
কংগ্ৰেছ,এজিপি আৰু বিজেপি
কাক ক’ত ভোট দিম
নোৱাৰি কৰিব চিলেকচন…
আঁচনিৰ নামত মামাই পিন্ধাই টুপি
মহিলা সকলো হয় আউলী-বাউলী
ঘৰ-দুৱাৰ সকলো এৰি
মহ-মাখি মাৰি মাৰি
দিনৰ দিনটো থাকে মিটিঙত বহি…
এইয়াই হৈছে আমাৰ দেশৰ
শিক্ষিত লোকৰ অশিক্ষিত কথা
ককাই-ভাইৰ মাজত থৈয়া-নথৈয়া
ভোটৰ অংকত সৰ্বস্ব হেৰুৱাই
শেষ জীৱনত থাকে নিজকে কন্দুৱাই।