লিমাৰিক
মীনা হাজৰিকা,যোৰহাট
( ১)
ৰুণু জুনু নুপূৰ পিন্ধি শ্ৰীময়ী যায়
দেখিলে মনটো উখল মাখল হয়
ওলাই সোমাই থাকোঁ
কোৱা হোৱা নাই একো
সমিধান পোৱাৰো নাই একো উপায়।
(২)
সপোনে দিঠকে মই একাকাৰ কৰি
ব্যাকুল হৈয়েই আছোঁ তোমাক বিছাৰি
বয়সো যে বাঢ়ি গৈছে
ঘৰতো ধমক দিছে
তথাপিটো শ্ৰীময়ীয়ে নাচালে যে ঘূৰি।।