লিমাৰিক – মায়া বৰদলৈ

PC - Vecteezy

লিমাৰিক

মায়া বৰদলৈ,যোৰহাট

(১)
যোৰহাট কাজিৰঙা আকৌ বোকাখাট
গোপাল কৃষ্ণই ক’লে আছে কলপাত
গৰম গৰম লুচি
আলু খাই হম খুচি
বিয়নী বাৰ্তা আহকচোন গোলাঘাট ।
(২)
ঘৰযে ডাঙৰ হ’ল কোঠাবোৰ সৰু
একেলগে থাকিবলৈ নোযোৰেযে আৰু
ল’ৰা হতঁ‌ৰ চাকৰি
সদায় থাকে আতঁ‌ৰি
বুঢ়া কালত একেলগ হমনে বাৰু ।