লিমাৰিক – মায়া বৰদলৈ

লিমাৰিক

মায়া বৰদলৈ,যোৰহাট

(১)
শিৱৰাত্ৰিৰ পাছতে ফাকুৱা আহিব
সকলোৱে মিলিজুলি ৰংযে খেলিব
ঘৰে ঘৰে আমি যাম
চাহ লাৰু লুচি খাম
ৰংবোৰ গুচাওঁতে গাৰ চাল যাব ।
(২)
ফাগুণৰ বতাহে ধূলিময় কৰিছে
ঘৰে ঘৰে বহুতৰে জ্বৰ কাঁ‌হ হৈছে
নিমপাত তিতাফুল
বীজানু কৰা নিৰ্মূল
ডাক্তৰেও ৰোগী চাই ভাগৰি পৰিছে ।