লিমাৰিক
বিভা মহন্ত ,নগাওঁ ,হয়বৰ গাঁও
1
শাওন মাহত ‘ন ভুঁই’ ৰুবলৈ গলোঁ
পথাৰত আম , জাম, কল , টিঁহু খালোঁ
পেটত লাগিল ভোক
ভৰিত লাগিল জোক
ভয়তে চিঞৰি মই বোকাত পৰিলোঁ ।
2
শাওনৰ পাছতেই ভাদ মাহ হব
হৰি নামত নামঘৰ শুৱনি হব
গোপিনীয়ে লব নাম
প্ৰসাদ দিলেহে খাম
কালৰীয়ে প্ৰসাদৰ লোভতহে যাব ।