লিমাৰিক
জয়া শৰ্মা,ডিব্ৰুগড়
(১)
নতুন বছৰ বুলি মাজুলীলৈ গ’লো
বৃহত্তৰ নদী দ্বীপ যে চাই আহিলো
সত্ৰ চালো চাৰিখন
নেদেখিলো নদীখন
বহুদিনীয়া আশা পূৰ কৰি আহিলো ॥
(২)
জেকেট এটা কিনো বুলি বজাৰ গ’লো
দৰ-দাম কৰি মই হতবাক হ’লো
বহুদিন কিনা নাই
প্ৰয়োজনো হোৱা নাই
কিনিব নোৱাৰি ঘৰলৈ ফিৰি আহিলো ॥