লিংগ বৈষম্য আৰু সমাজ
মিনাক্ষী হাজৰিকা
(১)
এহাল বিবাহিত দম্পতি ৰাহুল আৰু প্ৰিয়া দুয়োজনেই চাকৰি কৰে। লগতে তেওঁলোকৰ দুটি সন্তানো আছে। এজনৰ বয়স ৬ বছৰ আৰু আনজনৰ বয়স ৮ বছৰ। ৰাহুল আৰু প্ৰিয়া দুয়োজনেই দিনটো অফিছত কাম কৰে আৰু সন্ধিয়া ঘৰলৈ ওভতে। দিনটো অফিছৰ কামৰ দায়িত্ব সমূহ পালন কৰাৰ লগতে ঘৰৰ কাম,ল’ৰা ছোৱালী কেইটা সকলোৰে দায়িত্ব প্ৰিয়াই নিয়াৰিকৈ চম্ভালে। এদিন সন্ধিয়া প্ৰিয়া ক্লান্ত হৈ অফিচৰ পৰা ঘৰলৈ ওভতি আহিল। গোটেই দিনটো কাম কৰি অৱশ হোৱাৰ বাবে সেইদিনা ৰাতিৰ আহাৰ ৰান্ধোতে ঘৰুৱা কামত অলপ সহায় কৰি দিবলৈ প্ৰিয়াই ৰাহুলক ক’লে। তেতিয়া ৰাহুলে পোনচাটেই উত্তৰ দিলে—“সেয়া মহিলাৰ কাম তুমি চম্ভালিবা।মই কিয় কৰিম? দিনটো অফিচত কাম কৰি মোৰ ভাগৰ লাগিছে। ” তেতিয়া প্ৰিয়াই হতাশ অনুভৱ কৰিলে আৰু উত্তৰ দিলে–“মইও তোমাৰ দৰেই দিনতো কাম কৰো।তেন্তে মই অকলেই ঘৰৰ সকলো কাম কিয় কৰিব লাগে? “ৰাহুলে প্ৰিয়াৰ কথাখিনি অৱজ্ঞা কৰিলে।
(২)
প্ৰবাল আৰু প্ৰিয়ংকাৰ দুটি ১০ বছৰীয়া সন্তান আছিল। দুয়োটি সন্তান আছিল যমজ। গোটেই পৰিয়ালটো এখন সৰু চহৰত বসবাস কৰিছিল। ৰোহিনী আৰু ৰাজ একেখন বিদ্যালয়তেই পঢ়া শুনা কৰিছিল। লগতে সকলো দিশতেই দুয়োজনৰ একেধৰণৰ আগ্ৰহ আছিল। কিন্তু মাক দেউতাকে ৰাজক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল। আনহাতে ৰোহিনীক পঢ়াশুনাত মনোনিবেশ কৰিবলৈ কোৱা হৈছিল। মাকে ৰোহিনীক ৰন্ধা বঢ়া আৰু ঘৰৰ কাম-কাজ শিকাইছিল। আনহাতে ৰাজে দেউতাকক বাহিৰৰ কামত সহায় কৰিছিল। এদিন বিদ্যালয়ত শিক্ষক এজনে বিজ্ঞানৰ প্ৰকল্প এটা কৰিবলৈ দিছিল। আৰু প্ৰকল্পটোত নেতৃত্ব দিবলৈ ৰাজক নিৰ্বাচন কৰা হৈছিল। আনহাতে ৰোহিনীক সহায়ত কৰিবলৈহে কোৱা হৈছিল। ৰোহিনীয়ে প্ৰকল্পটোত ৰাজৰ সমান্তৰালকৈ অংশগ্রহণ কৰিছিল আৰু কিছুমান ধাৰণা আগবঢ়াইছিল। কিন্তু ৰোহিনীৰ ধাৰণা সমূহক অৱজ্ঞা কৰা হৈছিল আৰু ৰাজৰ ধাৰণা সমূহকহে প্ৰশংসা কৰিছিল। তেতিয়া ৰোহিনীয়ে হতাশ অনুভৱ কৰিছিল যে-“তাই কিয় প্ৰকল্পটোৰ নেতৃত্বে দিব নোৱাৰিলে?তাইৰ ধাৰণা সমূহক কিয় অৱহেলা কৰা হ’ল?ৰাজক কিয় বেলেগ ধৰণৰ ব্যৱহাৰ কৰা হ’ল?”
ওপৰোক্ত ঘটনা দুটাৰ পৰা হয়তো সকলোৰে ধাৰণা হৈছে যে সৰু ল’ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকসকললৈ, ঘৰৰ পৰা আৰম্ভ কৰি বিদ্যালয়লৈ লিংগ বৈষম্য সকলোতে বিদ্যমান। মাজে মাজে মোৰ মনত কিছুমান প্ৰশ্নৰ উদয় হ’য় যে–লিংগ বৈষম্যতা আগতেই আছিল নে এতিয়াও আছে? সমাজত ল’ৰা ছোৱালীৰ মাজত যি ভেদাভেদৰ সৃষ্টি কৰা হ’য়, তাৰ সৃষ্টি ক’ত হৈছিল? কোনে ইয়াৰ আৰম্ভণি কৰিছিল? এনেধৰণৰ কিছুমান প্ৰশ্ন হয়তো আপোনালোকৰ মনলৈও নহা নহ’য়। এই ভেদাভেদৰ মূলতেই হৈছে ঘৰখন। ঘৰৰ পৰিয়ালৰ পৰাই আৰম্ভ হয় লিংগ বৈষম্যতা। য’ত পিছলৈ ই সমাজত, মহিলাসকলৰ ওপৰত, ছাত্র-ছাত্ৰীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। যেতিয়া ঘৰ এখনত ল’ৰা এজন বা ছোৱালী এজনী ডাঙৰ হৈ আহে।অতি কম সময়ৰ পৰাই এই ধৰণৰ ব্যৱহাৰ আৰম্ভ হ’য়। উদাহৰণস্বৰূপে–সৰুতে যেতিয়া সন্তানক খেলিবলৈ খেলনা দিয়া হ’য়। তেতিয়া সাধাৰণতে ল’ৰা জনক খেলিবলৈ গাড়ী আৰু ছোৱালীজনীক খেলিবলৈ পুতলা দিয়া হ’য়। সৰু ল’ৰা জন বা ছোৱালী জনীক যিকোনো খেলনা এটা দিলেই সেইটোৰে সৈতে সিহঁতে খেলিব। কিন্তু তেনেক্ষেত্ৰত ছোৱালী জনীক খেলিবলৈ এটা পুতলা আৰু ল’ৰা জনক খেলিবলৈ এখন গাড়ীহে কিয় দিয়া হ’য়? কিয় ছোৱালী জনীক গাড়ীৰে আৰু ল’ৰা জনক পুতলা এটা দিয়া নহ’য়? আচলতে খেলনা বোৰ শিশু এটাক কোৱাৰ উপায় হৈ পৰে যে যেতিয়া সৰু ল’ৰা জন বা ছোৱালী জনী ডাঙৰ হ’ব তেতিয়া ভৱিষ্যতে সিহঁতৰ জীৱনসমূহো বেলেগ বেলেগ হ’ব।ঘৰত ছোৱালীজনীক শিকোৱা হ’য় যে ছোৱালীয়ে সদায় কোমলকৈ কথা কব লাগে। ল’ৰা এজনে কঠিনকৈ ক’ব লাগে। গতিকে এনেবোৰ আচৰনে ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য সৰুৰ পৰাই সৃষ্টি কৰে।
যদিও বৰ্তমান সময়ত প্ৰচলিত আছে যে ল’ৰা আৰু ছোৱালী সকলো সমান। কিন্তু বাস্তৱ ক্ষেত্রত জানো সঁচাকৈয়ে ই নাইকিয়া হৈছে? যদি লিংগ বৈষম্যৰ কাৰণ সমূহ বিশ্লেষণ কৰি চাওঁ তাত অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদিৰ দৰে বিভিন্ন কাৰণ পৰিলক্ষিত হ’য়। সামাজিক কাৰণ সমূহৰ ভিতৰত মূলতঃ অন্তর্ভুক্ত হৈ আছে বৰ্তমান সমাজত প্ৰচলিত পিতৃতান্ত্রিক সমাজ ব্যৱস্থা। লিংগভেদে যিকোনো লোকক প্ৰভাৱিত কৰিব পাৰে যদিও মহিলা সকলৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। লিংগ বৈষম্যই সমাজত দৰিদ্ৰতা আৰু দুৰ্বলতাৰ সৃষ্টি কৰে। অথবা এইধৰণৰ সমস্যা সমূহক স্থায়ী কৰি ৰাখে। ইয়াৰ লগতে মহিলাসকলক স্বাস্থ্য, শিক্ষা, আৰু ব্যৱসায়িক জীৱনৰ দৰে বহুত ক্ষেত্রত দুৰ্বল কৰি তোলে। ভাৰতৰ জনসংখ্যা সামগ্রিকভাৱে পৰীক্ষা কৰিলে দেখা যায় যে লিংগ পক্ষপাতৰ ফলত মহিলা সকলে কেইবাধৰনেও অসুবিধাত পৰে। যেনে:-কন্যা শিশুৰ মৃত্যু, মহিলাৰ স্বাস্থ্য, মহিলাৰ শিক্ষা প্ৰাপ্তি, মহিলাৰ গৰ্ভধাৰণ, আৰু অৰ্থনৈতিক পৰিস্থিতি আদি ক্ষেত্রবোৰত মহিলাসকল বেছিকৈ প্ৰভাৱিত হ’য়। ধৰ্ষণ, যৌতুক আৰু ব্যভিচাৰৰ ওপৰত ভাৰতীয় আইন মতে মহিলাৰ সুৰক্ষা আছে যদিও এই বৈষম্য মূলক প্ৰক্ৰিয়া বোৰ এতিয়াও উদ্বেগজনক হাৰত হৈ আছে। যদিও আমাৰ সংবিধান খনে পুৰুষ আৰু মহিলাক সমান অধিকাৰ প্ৰদান কৰিছে কিন্তু লিংগ বৈষম্য আজিও বিদ্যমান।
যদি লিংগ ব্যৱধানৰ সূচক বোৰ চোৱা যায়, তেন্তে দেখা যায় যে মহিলা সকল পুৰুষতকৈ বেছি অসুবিধা জনক অৱস্থাত আছে। ২০১১ চনত বিশ্ব অৰ্থনৈতিক মঞ্চ(world Economic forum) ত প্ৰকাশ হোৱা বিশ্বব্যাপী লিংগ প্ৰতিবেদন অনুসৰি ১৩৫ খন দিশৰ ভিতৰত ভাৰতে লিংগ ব্যৱধান সূচকত ১১৩ তম স্থান লাভ কৰিছিল। তেতিয়াৰ পৰাই ভাৰতৰ লিংগ ব্যৱধানৰ সূচক ২০১৩ চনত ১৩৬ খন দেশৰ ভিতৰত ১০৫ হৈছিল। Global Gender Gap Report ত সূচক চালে দেখা যায় যে লিংগ ভিত্তিক গৰ্ভপাতৰ ক্ষেত্রত ভাৰতৰ প্ৰদৰ্শন চীনৰ দৰে নিম্ন মানৰ। স্বাক্ষৰতা আৰু স্বাস্থ্যৰ ক্ষেত্রতো ভাৰতত মহিলা আৰু পুৰুষৰ অনুপাত চালেই নিম্ন মানৰ প্ৰদৰ্শন দেখা যায়।
লিংগ বৈষম্য হ্রাস কৰাৰ লগতে নাৰী সবলীকৰনৰ বাবে চৰকাৰে কিছুমান আচঁনি ৰূপায়ন কৰিছে। সেই আচঁনি সমূহৰ ভিতৰত কেইখনমান হৈছে–বেটি বচাও, বেটি পঢ়াও, সুকন্যা সমৃদ্ধি যোজনা ইত্যাদি। বেটি বচাও, বেটি পঢ়াও আচঁনিৰ মূল লক্ষ্য আছিল লিংগ বৈষম্যৰ অনুপাত হ্ৰাস কৰা। এই আচঁনিৰ লক্ষ্য হ’ল কন্যা সন্তানৰ বাবে কল্যাণ মূলক সেৱা প্ৰদানেৰে দক্ষতা বৃদ্ধি কৰা তথা সচেতনতা সৃষ্টি কৰা। এই আচঁনি খন ১০০ কোটি টকাৰ প্ৰাৰম্ভিক পুঁজিৰে আৰম্ভ কৰা হৈছিল।এই যোজনাটি প্ৰথমতে উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, পঞ্জাৱ, বিহাৰ, দিল্লীত আৰম্ভ কৰা হৈছিল যদিও পিছলৈ সমগ্র ভাৰততে ৰূপায়ন কৰা হৈছিল।আনহাতে সুকন্যা সমৃদ্ধি যোজনাৰ মূল উদ্দেশ্য হৈছে যে মহিলাসকলক শক্তিশালী কৰা আৰু মহিলা সকলক সঞ্চয় আচঁনিত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰি বিত্তীয় স্বাধীনতা নিশ্চিত কৰা যি তেওঁলোকক উচ্চ শিক্ষা, বিবাহ আদিৰ দৰে তেওঁলোকৰ দীৰ্ঘম্যাদী জীৱনৰ লক্ষ্য আৰু সপোন পূৰণ কৰিবলৈ সক্ষম কৰিব আৰু বিত্তীয় স্থিৰতা নিশ্চিত কৰা।
লিংগ বৈষম্য এটি বিশ্বজুৰি প্ৰভাৱিত কৰা সমস্যাৰ দৰে হৈ গৈছে। ইয়াৰ বাবে কেৱল মাত্ৰ চৰকাৰৰ আচঁনি সমূহেই যথেষ্ট নহ’য়। প্ৰত্যেক জন নাগৰিকৰে দায়িত্ব আছে। প্ৰত্যেকেই অন্যায় আৰু পক্ষ পাতিত্বৰ বিৰুদ্ধে মাত মাতিব শিকিব লাগিব। নিজকে শিক্ষিত কৰি গঢ়ি তুলিব লাগিব। কেৱল এয়াই নহ’য় শিশু এটাক যেতিয়া ঘৰ এখনত ডাঙৰ কৰা হয় তেতিয়া সেই শিশুটোক এক লিংগ বৈষম্য হীন মানসিকতা গঢ়ি তুলিব লাগিব। তেতিয়াহে এখন সুস্থ সমাজ আমাৰ মাজত গঢ় লৈ উঠিব।