লাহোৱাল প্ৰেছ ক্লাৱৰ উদ্যোগত, ৰঙালী-বসন্ত উৎসৱ -২০২৪ৰ সামৰণি
এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী অনুষ্ঠান লাহোৱাল প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু এছ কে এছ ইংলিছ একাডেমীৰ সহযোগত দুদিনীয়াকৈ আড়ম্বড়পূৰ্ণভাৱে পালন কৰিবলৈ লোৱা হেঁপাহৰ ৰঙালী বসন্ত উৎসৱ ২০২৪ৰ সামৰণি পৰে। ২৪ এপ্ৰিলত প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়। এছ কে এছ ইংলিছ একাডেমীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ অংশ হিচাপে একাডেমীৰ ছাত্র ছাত্ৰী আৰু শিক্ষকসকলৰ সহযোগত পুৱাৰ কাৰ্যসূচীত লাহোৱাল প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ৰশ্মিৰেখা সাউদ কলিতাই। লগতে এছ কে এছ ইংলিছ একাডেমীৰ পতাকা উত্তোলন কৰে একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক দয়ানন্দ শ্বাহে। প্ৰেছ ক্লাৱৰ উপদেষ্টা মুক্তামণি হাজৰিকাই বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতেই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে সম্পাদক দিবাকৰ দত্তই। ইয়াৰ পাছতেই ৰঙাফিটা কাটি মঞ্চ উদ্বোধন কৰে এছ কে এছ ইংলিছ একাডেমীৰ অধ্যক্ষা ড° শ্ৰুতি তালুকদাৰ আৰু মুন শ্বাহে। প্ৰথম দিনৰ অনুষ্ঠানত বিশেষ ভাৱে আকৰ্ষণীয় হৈ পৰা কণীযুঁজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে এছ কে এছ ইংলিছ একাডেমীৰ ১০ম শ্ৰেণীৰ ছাত্ৰী ক্ৰমে গৰীমা শইকীয়া আৰু ইন্দ্ৰানী দত্তই। লগতে ৩য় স্থান লাভ কৰে নৱম শ্ৰেণীৰ ছাত্ৰ সুমিত্ৰ দিহিঙীয়াই। উল্লেখ্যযোগ্য যে, পৰৱৰ্তী কাৰ্যসূচী হিচাপে দ্বিতীয় দিনা অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে আটছাৰ কেন্দ্রীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হেমন্ত কুজুৰ,ডিব্ৰুগড় জাতীয় মহাসভাৰ সভাপতি মন্টুছ কুৰ্মী আদিৰ লগতে স্থানীয় বহু আমন্ত্ৰিত তথা সন্মানীয় অতিথি তথা প্ৰেছ ক্লাৱৰ বিষয়ববীয়াৰ উপস্থিতিত মুকলি সভাৰ আয়োজন কৰা হয়। লগতে অনুষ্ঠানৰ অংশ হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ ভিতৰত বিহুনাম প্ৰতিযোগিতাত ১ম, ২য়,৩য় স্থান লাভ কৰে একাদিক্ৰমে বৃষ্টিনা দত্ত, , উদিপ্তীপ্ৰিয়া হাজৰিকা, জিজ্ঞাসা বৰপাত্ৰই।বিহুনাচ প্ৰতিযোগিতাৰ ‘ক ‘শাখাত ১ম, ২য়,৩য় স্থান লাভ কৰে ক্ৰমে বৃষ্টিনা দত্ত, মৃগাক্ষী সোণোৱাল, বাৰ্বী গগৈয়ে । ‘খ’ শাখাত ১ম, ২য়, ৩য় স্থান লাভ কৰে ক্ৰমে সাক্ষী দাস,গৰিমা শইকীয়া, জ্ঞানশ্ৰী বুঢ়াগোহাঁইয়ে।ঢোলবাদ প্ৰতিযোগিতাত পিয়ুষ কোঁৱৰে ১ম স্থান লাভ কৰে।লগতে ধৰিত্ৰীমান গোঁহাই আৰু নয়ন গগৈক নিচুকনি পুৰস্কাৰ আগবঢ়োৱা হয়।ইয়াৰোপৰি আমন্ত্ৰিত শিল্পীৰদ্বাৰা প্ৰদৰ্শনীমূলক হুঁচৰি, মুকলি বিহু, জেংবিহু, ওজাৰ ঢোল প্ৰদৰ্শন আদিও অনুষ্ঠান প্ৰদৰ্শিত হয়। উল্লেখ্য যে প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক এই অনুষ্ঠানতে বঁটা বিতৰণ কৰা হয়।