লালসা – স্নেহা জোনাক দত্ত

PC - Freepik

লালসা

স্নেহা জোনাক দত্ত
যোৰহাট

দেউতাকৰ অবৰ্তমানত অম্লানৰ ডাঙৰ দাদাকে ভাতৃসকলৰ লগত সম্পৰ্ক ছেদ কৰিলে। আজলী মাতৃগৰাকীকো তেওঁলোকৰ মৰমৰ পৰা বঞ্চিত কৰিলে। পৈত্ৰিক সম্পত্তিৰ দাবীদাৰ হৈ? ভাতৃসকল যাতে পিতৃৰ গৃহলৈ আহিব নোৱাৰে, সেই ব্যৱস্থাৰে, প্ৰধান গেটখনত দিনে- ৰাতিয়ে তলা লগাই থলে। দেউতাকৰ বিশাল সম্পত্তিৰ তেওঁৱেই একমাত্ৰ অংশীদাৰ হ’বলৈ নিজৰ মাতৃক মৃত্যু পৰ্যন্ত গৃহবন্দী কৰি ৰাখিলে।