লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশজুৰি আজি পালন কৰা হৈছে ৭৮সংখ্যক স্বাধীনতা দিৱস। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এজন জেচিঅ’ আৰু ২৫টা বিভিন্ন ৰেংকৰে গঠিত পঞ্জাব ৰেজিমেণ্ট মিলিটাৰী বেণ্ডে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত বজাই ‘ৰাষ্ট্ৰীয় চেলুট’ উপস্থাপন কৰে । বেণ্ডটোৰ পৰিচালনা কৰে সুবেদাৰ মেজৰ ৰাজিন্দৰ সিঙে । এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিকাশিত ভাৰত @২০৪৭’। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ সামাজিক মাধ্যমৰ জৰিয়তে দেশবাসীক স্বাধীনতা দিৱসৰ সম্ভাষণ জনাইছে। প্ৰধানমন্ত্ৰীয়ে পোষ্টটোত লিখে, “মোৰ সতীৰ্থ ভাৰতীয়সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা । জয় হিন্দ !” উল্লেখ্য যে, মোডীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পৰা তেওঁ লালকিল্লাত উপস্থিত হয় ৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীক আদৰণি জনাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা সঞ্জয় ছেঠ আৰু প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামনে। আজি কীৰ্তিচিহ্নৰ প্ৰাচীৰৰ পৰা একেৰাহে ১১ সংখ্যক বাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।