লক্ষ্য সেন, গায়ত্ৰী গোপীচান্দ-ট্ৰিচা জলীৰ অল ইংলেণ্ড ছেমি ফাইনেলত প্ৰৱেশ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী লক্ষ্য সেনে তেওঁৰ প্ৰতিদ্বন্দী চীনৰ লু গুয়াং জুৱে ৱাক অভাৰ দিয়াৰ পিছত অল ইংলেণ্ড চেম্পিয়নশ্বিপৰ পুৰুষৰ একক ছেমি ফাইনেলত প্ৰৱেশ কৰে। প্ৰাক্তন চেম্পিয়ন পুল্লেলা গোপীচান্দৰ জীয়ৰী গায়ত্ৰীয়ে তেওঁৰ সংগী ট্ৰিচা জলীৰ সৈতে দুটা মেচ পইণ্ট সংৰক্ষণ কৰি দ্বিতীয় স্থানপ্ৰাপ্ত লী ছোহি আৰু শিন চেউংচানক ১৪-২১, ২২-২০, ২১-১৫ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ দ্বৈত ছেমি ফাইনেলত উপনীত হয়।