লক্ষ্মীনাথ বেজবৰুৱাৰ গণিত
বন্দিতা শৰ্মা কন্দলি
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কেৱল অসমীয়া সাহিত্য জগতৰ মহাৰথী নাছিল, তেওঁৰ গণিতৰ প্ৰতিয়ো বিশেষ আকৰ্ষণ আছিল। সেয়ে তেওঁৰ ৰসাল ৰচনা সমূহত গাণিতিক উপমাৰ ব্যৱহাৰ দেখা পোৱা যায়। তেওঁ গণিতৰ সৌন্দৰ্য উপভোগ কৰি সংৰক্ষণ কৰিছিল।সেইবোৰ জোনাকী আলোচনীৰ চতুৰ্থ ভাগ -দশম সংখ্যাত প্ৰকাশ পাইছিল । তেওঁ ৩৭ আৰু ৭৩ সংখ্যা কেইটাৰ বিভিন্ন চানেকিৰে ৰসাল কৰি তুলিছিল।৩৭ সংখ্যা টোক ৩ ৰ গুণিতকৰে পূৰণ কৰিলে একেটা সংখ্যাকে তিনিবাৰ ওলাই আৰু সেই তিনিটা যোগ কৰিলে পূৰণ কৰা সংখ্যা টোকে পাওঁ। চোৱা যাওক – ৩৭ ক ৩ ৰ গুণিতক ৩, ৬, ৯, ১২, ১৫, ১৮, ২১, ২৪, ২৭, ৩০, ৩৩ ……. ৰে পূৰণ কৰিলে পাম
৩৭×৩=১১১, (১+১+১=৩)
৩৭×৬=২২২, (২+২+২=৬)
৩৭×৯=৩৩৩, (৩+৩+৩=৯)
……..
৩৭×২৭=৯৯৯ ,(৯+৯+৯=২৭)
৩৭×৩০=১১১০,
৩৭×৩৩=১২২১,
৩৭×৩৬=১৩৩২,
……
৩৭×৫৪=১৯৯৮,
৩৭×৫৭=২১০৯,
৩৭×৬০=২২২০,
৩৭×৬৩=২৩৩১…
কি যে সৌন্দৰ্য!
১২৩৪৫৬৭৮৯ × ৪৫ =৫৫৫৫৫৫৫৫০৫,
১২৩৪৫৬৭৮৯ × ৫৪=৬৬৬৬৬৬৬৬০৬,
ওলোটাই দিলে অৰ্থাৎ
৯৮৭৬৫৪৩২১×৪৫=৪৪৪৪৪৪৪৪৪৪৫,
৯৮৭৬৫৪৩২১×৫৪=৫৩৩৩৩৩৩৩৩৩৪,
৩৩৩৩৩৩৩৩৩×২৭=২৬৬৬৬৬৬৬৬৬৭,
৩৩৩৩৩৩৩৩৩×৭২=৭১১১১১১১১১২,
বেজবৰুৱা ৰচনাৱলীত থকা আন এটা ৰসাল সংখ্যা হৈছে ১৪২৮৫৭। এই সংখ্যাটোক ১,২,৩,৪,৫,৬ ৰে পূৰণ কৰিলে সংখাটোকে ঘুৰি থাকে।
১৪২৮৫৭×১=১৪২৮৫৭,
১৪২৮৫৭×২=২৮৫৭১৪,
১৪২৮৫৭×৩=৪২৮৫৭১,
১৪২৮৫৭×৪=৫৭১৪২৮,
১৪২৮৫৭×৫=৭১৪২৮৫,
১৪২৮৫৭×৬=৮৫৭১৪২,
১৪২৮৫৭×৭=৯৯৯৯৯৯,
বেজবৰুৱাৰ ৰচনাত কৃপাবৰ বৰবৰুৱা এটা ৰসাল চৰিত্ৰ আছিল। তেওঁ অসমীয়া সমাজৰ ভণ্ডামি, কপটতাক তীব্ৰ ভাৱে ব্যংগ কৰি উদঙাই দেখুৱাইছিল। তেওঁৰ গাণিতিক উপমা মন কৰিবলগীয়া। যেনে –
(মিছা)²+(ভণ্ডামি)³= অসম সমাজ
(ভিতৰকʼলা)²+(বাহিৰ বগা)³=অসমীয়া ।
√(ভোজ)²- মদ² -(কুকুৰা)²=0
বিয়া -(তিৰোতা)²=0
শৰাধ -দক্ষিণা = 0 । অৰ্থাৎ শৰাধত দক্ষিণা নাথাকিলে লাভ নাই।
কলকাতাত কেইদিনমান থাকিয়েই মাতৃভাষা অসমীয়া পাহৰিবলৈ ধৰা লোকক ব্যংগ কৰি কৈছিল “এই কেইদিনতে ‘মঘুৱাৰ ‘ অসমীয়া ভাষাৰ মাটিডৰাৰ আয়তন জোখত অনেক কম হৈ পৰিছিল, কাৰণ বঙলা ভাষাই তাৰ সীমা ঠেলি নি সৰহভাগ নিজৰ ঢাপৰ ভিতৰুৱা কৰি পেলাইছিল। এনেদৰেই বেজবৰুৱাৰ ৰসাল সাহিত্যত গণিতে ভূমুকি মাৰিছিল।