লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি

লক্ষীমপুৰত এবিভিপিৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা- তিনি দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব এবিভিপিৰ ৰাজ্যিক অধিৱেশন। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশন এইবৰ্ষত লক্ষীমপুৰ চহৰৰ মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত (এ.টি. খেলপথাৰ)ত অনুষ্ঠিত হ’ব। তাৰেই অংশ হিচাপে ইতিমধ্যে অধিৱেশনৰ প্ৰতীক চিহ্ন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ হয়। ২৭,২৮ আৰু ২৯ ডিচেম্বৰ তাৰিখে মহাপুৰুষ মাধৱদেৱৰ জন্মভূমি লক্ষীমপুৰৰ অনুষ্ঠিত হ’ব লগীয়া এই ৰাজ্যিক অধিবেশনত সমগ্ৰ অসমৰ পৰা প্ৰায় ১২০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব। অসম তথা ভাৰতৰ বিভিন্ন সমস্যা তথা সমগ্ৰিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ’বলৈ এই অধিবেশনত অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰিব। অধিৱেশনত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম, প্ৰদৰ্শনী, মুকলি অধিবেশন, সাংস্কৃতিক শোভাযাত্ৰা আদি অনুষ্ঠিত হৱ। ইতিমধ্যে অধিবেশন স্থলীৰ নাম মনিকাঞ্চন সমন্বয় ক্ষেত্ৰ, অধিবেশনৰ মুল সভাগৃহৰ নাম পদ্মনাথ গোহাঞিবৰুৱা সভাগৃহ আৰু মুল তোৰণৰ নাম মহাপুৰুষ মাধৱদেৱৰ নামত নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ওপৰিও এই অধিবেশনতেই অসমৰ শৈক্ষিক বিষয়, সামাজিক বিষয় আৰু আত্মনিৰ্ভৰশীল অসমৰ ওপৰত সৰ্বমুঠ তিনিটাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব। আজি এই অধিবেশন সংক্ৰান্তত এক সংবাদ মেল আয়োজন কৰি এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে এই অধিৱেশনত সমগ্ৰ লক্ষীমপুৰবাসী ৰাইজৰ সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰে।