যৌৱনৰ প্ৰথম খোঁজ দিব নোৱাৰিলোঁ
এছ ইছলাম, শিক্ষক, বৰপেটা
যৌৱনৰ প্ৰথম খোজ দিব নোৱাৰিলোঁ
ভৰি থ’বলৈ নাপালোঁ
পুৱাৰ নিয়ৰসিক্ত দুৱৰি বন
অনুভৱী জীৱনৰ কোমল সময়
সাঁচি ৰাখিব নোৱাৰিলোঁ
সময়ৰ ৰঙীন উৎসৱৰ মাজত
বুটলি ল’ব নোৱাৰিলোঁ
মনৰ অভিলাষ যৌৱনৰ ভৰ দুপৰীয়া ।
অভিশপ্ত সময়ে
জীৱনৰ ৰং ছটিয়াবলৈ সময় নিদিলে
শৰতৰ প্ৰথম নিশা
কবিতাৰ ৰূপ কথাৰে সজোৱা নহ’ল জীৱন
অজানিতে গুচি আহিলোঁ এদিন
লুইতত সাঁতুৰিবলৈ
বাৰিষাৰ বানৰ প্ৰৱল সোঁতত।
সময়ে উপহাস কৰিছিল মোক
আন্ধাৰে আৱৰি ধৰিছিল
এনেদৰে নিঃশেষ হৈছিল এটি
প্ৰেৰণাৰ স্নিগ্ধ পুৱা আকস্মিক ভাবে।
আৰ্ত্তনাদৰ বুৰবুৰণি উঠিছিল
গভীৰ পানীৰ তলত
শৰীৰ কঁপি উঠিছিল
লুইতৰ কোবাল সোঁতত।
ভয়বোৰে উচুপি উঠিল
হিয়া ফেকুৰি ফেকুৰি কান্দিছিল
মোৰ পৰিয়ালৰ জীয়া আত্মাই
ছটফটাই নিঃশেষ হৈছিলোঁ পানীৰ তলত
লুইতৰ গৰ্ভত ।