যোৱা শতিকাৰ অসমীয়া ছবি জগত খুচৰি – মুন শৰ্মা

যোৱা শতিকাৰ অসমীয়া ছবি জগত খুচৰি 

    মুন শৰ্মা, লখিমপুৰ

বৰ্তমান সময়ৰ অন্যতম এটি অতি জনপ্ৰিয় মাধ্যম হৈছে চিনেমা। শতিকা পুৰণি এই চিনেমা বোলা বস্তুটো আজিৰ বিশ্বৰ অন্যতম এটা প্ৰভাৱশালী উদ্যোগ ৰূপে চিহ্নিত কৰিব পাৰি। এফালে কলা আনফালে কাৰিকৰী কৌশল দ্বাৰা নিৰ্মাণ কৰা এই চিনেমা জগত খনত ভাৰতৰ এক উল্লখযোগ্য অৰিহণা আছে কাৰণ বৰ্তমান সময়ত কোনোবাই যদি সোধে  সকলো কৈ অধিক চিনেমা কত বনোৱা হয় তেতিয়া তাৰ উত্তৰ হব ভাৰতত।
এই ভাৰতৰ পূৰ্ব দিশত অৱস্থিত অসমত ও চিনেমা বেছ জনপ্ৰিয় এই ৰাজ্যত হিন্দী ইংৰাজী আৰু অন্য ভাষাৰ চিনেমা প্ৰচলন থকাৰ উপৰি মাতৃভাষা অসমীয়াটো অসংখ্য  চিনেমা আছে।
চনতো আছিল ১৯৩৫, অৰ্থাৎ ত্ৰিশ দশকত তেতিয়ালৈ সেই সময়ত পৰাধীন ভাৰতত চিনেমা নিৰ্মাণ আৰম্ভ হোৱা  কেইটামান দশকহে হৈছিল, ঠিক তেনে সময়তে জয়মতী নামৰ এখন চিনেমা প্ৰস্তুত কৰি অসমক এই মানচিত্ৰত প্ৰবেশ কৰাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।ইয়াৰ পাছতে তেখেতৰ প্ৰচেষ্টাত ইন্দ্ৰমালতী ৰূপে দ্বিতীয় খন অসমীয়া ছবি আছিল অসমীয়া চিনেমা লৈ ১৯৩৯ চনত।
চল্লিশ দশকত অসমীয়া চিনেমা নিৰ্মাণ হওঁতে হৈছিল কিন্তু  নিয়মীয়া কৈ নিৰ্মাণ হোৱা নাছিল আৰু চিনেমা যিটো এটা ব্যৱসায়  গতিকে ব্যৱসায়িক ভাৱে বিশেষ সফলতা লাভ কৰা নাছিল তাৰে মাজতে এই সময়ৰ শেষলৈ ছিৰাজ নামৰ এখন ছবি নিৰ্মাণ হৈছিল যিয়েই দিছিল অসমীয়া ছবিক নতুন মাত্ৰা  দিছিল ছিৰাজ হল জয়মতীৰ পৰা  সেই সময়লৈ নিৰ্মাণ হোৱা ছবি সমূহৰ ভিতৰত সকলোতকৈ সফল চিনেমা। উল্লেখ্য যে চল্লিশ দশকত নিৰ্মাণ হোৱা সতী বেউলা প্ৰথম ধৰ্ম মূলক অসমীয়া চিনেমা আৰু পাৰ ঘাট প্ৰথম আগতীয়া টিকট বুকিং নিয়ম হোৱা  ছবি।
এই খিনিতে কব লাগিব যে,অসমীয়া চিনেমা এটা উল্লেখ যোগ্য  দশক হল ৬০  দশক কাৰণ অসমীয়া ছবিৰ অ নিয়মীয়া  নিৰ্মাণ ধৰা ইয়াতে শেষ হৈছিল বুলি কব পাৰি কিয়নো এই সময়ৰ পৰাই অসমীয়া ছবিৰ এটা নতুন যুগ আৰম্ভ হয় নবৈ দশকলৈকে। ৫০ দশকত আৰম্ভ হোৱা অসমীয়া চিনেমা লৈ বিভিন্ন ৰাষ্ট্ৰীয় পুৰস্কাৰ বঁটাৰ ধৰা এই দশকত অব্যাহত থাকে লগে  সৰ্বাধিক হিট ছবি এই সময়তে ছবি গৃহ লৈ আহে মুঠতে এই দশকক অসমীয়া ছবিৰ সোণালী যুগ বুলি আখ্যা দিব পাৰি। কৈ থলে ভাল হব যে এই দশকত অহা অন্যতম ছবি সমূহৰ ভিতৰত কেইখন মান ছবি হল- ইটো সিটো বহুটো, ডক্তৰ বেজবৰুৱা, চিকমিক বিজুলি আদি।
৭০ দশকত অসমীয়া ছবিলৈ প্ৰথম ৰঙীন কথাছবি প্ৰবেশ কৰে ছবি খনৰ নাম ভাইটি, দৰ্শকৰ সঁহাৰি ফলত সফলতাৰ শীৰ্ষত থকা এই সময়তে ভালে কেইজন প্ৰতিভাৱান ব্যক্তিৰ আবিৰ্ভাৱ হয় তাৰে ভিতৰত ভবেন্দ্ৰ নাথ শইকীয়া অন্যতম ওপজা সোণৰ মাটি, চানেলি মেমচাব আদি দৰে চিৰসেউজ ছবি নিৰ্মাণ হোৱা এই দশক নিপন গোস্বামী, বিজু ফুকন বাবে ও বিখ্যাত হৈ ৰব।
আশী দশকৰ অহা লগে লগে অসমীয়া ছবিয়ে দেখে অন্য এক  যুগ যিটো দুজন অসমীয়া পৰিচালক মুনিন বৰুৱা আৰু জাহ্নু বৰুৱাৰ সৃষ্টি কৰা। তেওঁলোকে এই সময়ৰ পৰাই ছবি নিৰ্মাণ কৰিব আৰম্ভ কৰি অসমীয়া ছবিক অসমীয়া মানুহৰ মনত সোণ হৈ জিলিকি থাকিব দিছিল। অসমীয়া ছবিয়ে  প্ৰথম মহিলা ছবি পৰিচালক লাভ কৰিছিল ৮০ দশকত তেওঁৰ নাম আছিল সুপ্ৰভা দেৱী যিয়ে নয়নমণি নামৰ এখন ছবি পৰিচালনা কৰিছিল।
এতিয়া আহো নবৈ দশকলৈ । এই দশক অসমীয়া ছবিৰ কথা যদি কওঁ দুখ লাগে যে, ৬০/৭০ ত  সৃষ্টি হোৱা অসমীয়া ছবিৰ যি সাফল্যৰ ধাৰা এই সময়তে শেষ প্ৰান্ত উপনীত হয় যাৰ পাছত বহু সময়লৈ অসমীয়া ছবিয়ে মাথোঁ শূন্যতা দেখিছে।  মুনিন বৰুৱাৰ আৰু জাহ্নু বৰুৱাৰ যি সফলতা কঢ়িয়াই আনিছিল তাৰ বাহিৰে বিশেষ সফলতা অসমীয়া ছবিয়ে লাভ কৰা নাছিল ।
সঁচা কথা কবলৈ গলে ভাবিছিল আছিল অসমীয়া ছবি ভালপোৱা মানুহে  এইয়া বেছি দিন নাথাকে আকৌ উভতি আহিব ছবি লৈ সু- দিন কিন্তু দুখৰ কথা ৯০ তে লগা অসুখ অসমীয়া ছবিৰ নতুন শতিকাৰ আৰম্ভণি একেই থাকিল, বহু বছৰৰ হৈ গল  বাণিজ্যিক ছবিৰ মাষ্টাৰ বুলি গণ্য কৰা মুনিন বৰুৱাৰ বাদে অন্য সকলো বিফল হল অসমীয়া চিনেমাক  আকৌ আগৰ দিন ঘূৰাই দিবলৈ। কিয় নোৱাৰিলে সেই বিষয়ে অন্য এটা লেখাত এদিন  আলোচনা কৰিম।