যোৰহাটৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ যুৱক
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতী দুগৰাকী। আনহাতে মৃত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।যোৰহাট পুলিবৰ থানাৰ অন্তৰ্গত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ আজান গাঁৱত সংঘটিত হৈ এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত, য’ত দুজনকৈ যুৱকে থিতাতে প্ৰাণ হেৰুৱায় আৰু দুগৰাকী যুৱতী আহত হয়। দুর্ঘটনাত নিহত আৰু আহত চাৰিজন ছাত্ৰ-ছাত্ৰীয়েই কাজিৰঙা বিশ্ববিদ্যালয়ৰ। নিহত ছাত্র দুজন ক্ৰমে ইৰফান হুছেইন, মুস্তাফা মুজাহিদুৰ আৰু আহত ছাত্রীদ্বয় খুচবো ন’বেল আৰু ইৰিনা বড়ো। বিয়লি প্রায় দুই বজাত চাৰিজন ছাত্র-ছাত্রী এএছ-০৩-এম ৯৯৭৫ নম্বৰৰ দাতা চোন কোম্পানীৰ এখন বাহনত যোৰহাটৰ পৰা বিশ্ববিদ্যালয় অভিমুখে আহি থকা অৱস্থাত আজান গাঁৱৰ পথৰ কাষৰ ৰেলিঙত খুন্দিয়াই পথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ বহু দূৰলৈ ছিটিকি পৰে। বাহনখন ইমানেই তীব্রবেগী আছিল চাৰিওজন ছাত্ৰ-ছাত্ৰী বাহনখনৰ খিৰিকী পাৰ হৈ দূৰৈত ছিটিকি পৰিছিল ফলত বাহনখনৰ সন্মুখৰ আসনত বহি যোৱা ছাত্র মুস্তাফা আৰু চালকৰ আসনত থকা ইৰফান থিতাতে নিহত হয়। পিছৰ আসনত বহি যোৱা খুচবো আৰু ইৰিনাক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে, ছাত্রী দুগৰাকীৰ অৱস্থা অতি সংকটজনক যদিও খুচবো ন’বেল সংকটমুক্ত। প্রায় ১৫০ কিলোমিটাৰ বেগত পথৰ ডিভাইডাৰত বাহনখনে প্রচণ্ড খুন্দা মৰাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে বাহনখনৰ ইঞ্জিন আৰু বেটাৰীও খোল খাই বহু আঁতৰত পৰে বুলি প্রত্যক্ষদর্শীয়ে জনাইছে। জানিব পৰা মতে, চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী কাজিৰঙা বিশ্ববিদ্যালয়ৰ এম বি এ চতুর্থ ষাণ্মাসিকৰ আছিল। নিহত মুস্তাফা মুজাহিদুৰৰ ঘৰ আছিল গোৱালপাৰাত আৰু ইৰফান হুছেইনৰ ঘৰ যোৰহাটৰ লিচুবাৰীত। আনহাতে ইৰিনা বড়োৰ ঘৰ শোণিতপুৰত আৰু খুচবো ন’বেলৰ ঘৰ যোৰহাটৰ চিনামৰাত। চাৰিওগৰাকীৰ বয়স আছিল ২৩/২৪ বছৰ। জানিব পৰা মতে, বাহনখন আছিল ইৰফান হুছেইনৰ দেউতাকৰ। নিহত দুয়োজন ছাত্ৰৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি ইতিমধ্যে পৰিয়ালক চমজাই দিয়াৰ পিছত কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রীসকলে দুয়োজন ছাত্ৰৰ নশ্বৰদেহত শ্রদ্ধাঞ্জলি জনাই সমবেদনা জ্ঞাপন কৰে।