“যুৱসমাজেই পৰিৱৰ্তনৰ প্ৰকৃত চালক, যিয়ে আজিৰ ভাৰতক বিকশিত ভাৰতলৈ পৰিৱৰ্তিত কৰিব”: সৰ্বানন্দ সোণোৱাল

“যুৱসমাজেই পৰিৱৰ্তনৰ প্ৰকৃত চালক, যিয়ে আজিৰ ভাৰতক বিকশিত ভাৰতলৈ পৰিৱৰ্তিত কৰিব”: সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূব ভাৰতৰ সামাজিক, অৰ্থনৈতিক, শিক্ষাগত আৰু সাংস্কৃতিক বিকাশক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) আৰু ষ্টুডেণ্ট্‌ছ এক্সপেৰিয়েঞ্চ ইন ইণ্টাৰষ্টেট লিভিং (SEIL)-ৰ উদ্যোগত “উত্তৰ-পূব ছাত্ৰ আৰু যুৱ সংসদ” নতুন দিল্লীৰ এনডিএমচি কনভেনশ্বন চেণ্টাৰত অনুষ্ঠিত কৰা হয়। এই বিশেষ সংসদত উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যৰ বিভিন্ন ছাত্ৰ সংগঠন, শিক্ষানুষ্ঠানৰ প্ৰতিনিধি আৰু যুৱ সমাজৰ আগশাৰীৰ নেতাসকল উপস্থিত থাকে। উত্তৰ-পূব ভাৰতৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি গঠনমূলক আলোচনা আৰু নতুন পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এই সংসদ এক ঐতিহাসিক মঞ্চ হিচাপে পৰিগণিত হৈছে। এই সংসদত উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকাঠামো আৰু সংযোগ ব্যৱস্থা উন্নয়নত বিশেষ গুৰুত্ব দিয়া হয়‌। বিশেষকৈ নতুন স্থলপথ, ৰেল সংযোগ, সুৰক্ষিত পথব্যৱস্থা আৰু দূৰ্গম অঞ্চলসমূহলৈ উন্নত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। শিক্ষাৰ মানদণ্ডৰ উন্নয়ন, উচ্চ শিক্ষা আৰু গৱেষণা ক্ষেত্ৰত উত্তৰ-পূবৰ স্থানীয় প্ৰতিভাসমূহৰ সুযোগ বৃদ্ধিৰ বিষয়ে ইয়াত গভীৰভাৱে পৰ্যালোচনা কৰা হয়। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান, নতুন চিকিৎসালয় স্থাপন আৰু আধুনিক চিকিৎসা প্ৰযুক্তিৰ প্ৰচলনৰ বিষয় এই সংসদত আলোচনাৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হয়।শান্তি, সম্প্ৰীতি আৰু জাতীয় একতাৰ সন্দৰ্ভত উত্তৰ-পূবৰ সৰ্বাঙ্গীণ বিকাশৰ কথা বিবেচনা কৰি অঞ্চলটোৰ বহু দশকযোৰা জাতিগত সমস্যা, অপৰাধ আৰু অশান্তি দূৰ কৰাৰ উপায়ৰ ওপৰত সজাগতা বৃদ্ধিৰ লক্ষ্য আগত ৰখা হয়। বিশেষকৈ, ইয়াত যুৱ সমাজক মাদক দ্ৰব্য মুক্ত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। যুৱপ্ৰজন্মক দেশৰ বিকাশৰ প্ৰতি সজাগ কৰাৰ লগতে অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত নতুন পথ উন্মোচনৰ প্ৰচেষ্টা আছিল আজিৰ সংসদৰ অন‍্যতম আকৰ্ষণীয় বিষয়।উত্তৰ-পূব ভাৰতৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ, পৰিবেশ সুৰক্ষা আৰু অনন্য জীৱনধাৰাৰ ওপৰতো আজিৰ সংসদত গুৰুত্ব আৰোপ কৰা হয়। অঞ্চলটোৰ ব্যৱসায় আৰু উদ্যোগৰ বিকাশৰ বাবে চৰকাৰী সহযোগিতা, নতুন উদ্যোগীসকলৰ বাবে সহায় আৰু মূলধনৰ যোগান নিশ্চিত কৰা বিষয়বোৰ সজোৰে উপস্থাপন কৰা হয়। লগতে উত্তৰ-পূব ভাৰতৰ পর্যটনৰ অপৰিসীম সম্ভাৱনা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংযোগ আৰু সাংস্কৃতিক পৰিবৰ্তনৰ ক্ষেত্ৰত নতুন পথ উন্মোচন কৰাৰ লক্ষ্যৰে বহু গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ কথা সবিস্তাৰে এই যুৱ সংসদত আলোচনা কৰা হয়।আজি এই সংসদৰ সামৰণি অধিবেশনত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সংগঠনিক সম্পাদক শ্ৰীযুত আশীষ চৌহান* বিশেষ অতিথি হিচাপে উপস্থিত থাকে। উত্তৰ-পূব ভাৰতৰ যুৱ প্ৰজন্মক উন্নয়ন আৰু দেশ গঠনৰ মূল চালিকা শক্তি হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই সংসদ উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যৎ গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব।