যুগে যুগে নাৰীয়ে নিৰ্যাতনৰ বলি হৈ আহিছে নাছিৰ আহমেদ

Pc-123rf

যুগে যুগে নাৰীয়ে নিৰ্যাতনৰ বলি হৈ আহিছে

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

আমি যদি ভাৰতৰ পৌৰাণিক আখ্যানসমূহ অনুধাৱন কৰোঁ, তেতিয়া দেখিম যে, এপিনে লক্ষ্মী, সৰস্বতী, দুৰ্গা আদি নাৰীক দেৱী ৰূপে প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰা হৈছিল ; আনপিনে নাৰীৰ ওপৰত নানা অমানুষিক নিৰ্যাতন চলাই যোৱা হৈছিল।

ৰাৱণে সীতাক হৰণ কৰাৰ বাবে সীতাই জুইত জাপ দি নিজৰ সতীত্বৰ পৰীক্ষা দিয়াৰ পিছতো প্ৰজাক সন্তুষ্ট কৰিবলৈ ৰজা ৰামে সীতাক দণ্ডকাৰণ্য বনবাসত মেলি দিছিল। দুৰ্যোধন আৰু দুঃশাসনে পঞ্চ পাণ্ডৱৰ পত্নী ৰজস্বলা দ্ৰৌপদীক প্ৰকাশ্য ৰাজসভাত ধৰি আনি বিবস্ত্ৰা কৰিছিল। অহল্যাও ঋষিৰ শাপত শিল হৈ থাকিল। সতীত্বৰ বল বীৰ্য দেখুৱাবলৈ বেউলা আৰু সাবিত্ৰীয়েও অমানুষিক দ্বন্দ্ব-সংঘাতৰ সন্মুখীন হ’ব লগীয়া হৈছিল। ইছলাম ধৰ্মৰ আধাৰত ৰচিত ” বিষাদ সিন্ধু”ত ছাকিনাই কাৰবালা যুদ্ধত স্বামীৰ মৃত্যু নিশ্চিত জানিও পিতৃৰ আদেশ মানি বিবাহ পাশত আৱদ্ধ হৈ একে ৰাতিতেই বৈধৱ্যৰ বগা সাজ পৰিধান কৰিছিল। যিশুৰ মাতৃ মেৰীৰ দুখ-যন্ত্ৰণাৰ কথা বৰ্ণনা কৰিও শেষ কৰিব নোৱাৰি।

আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ আঠসত্তৰ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু, এতিয়াও আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ ধ্যান ধাৰণা পুৰণি কালৰ দৰেই উঁৱে খোৱা কুসংস্কাৰ, অন্ধবিশ্বাসৰে পৰিপূৰ্ণ। এইখন পিতৃ প্ৰধান সমাজত এতিয়াও মনু শাস্ত্ৰৰ দৰে নাৰীক পুৰুষৰ অধীন , স্বামীৰ পদতলত স্ত্ৰীৰ স্বৰ্গবাস।

লাউ যিমানেই ডাঙৰ হওক, পাতৰ তল বুলি ভৱা হয়। এনেকি স্বামীৰ মৃত্যু হ’লে, মৃত স্বামীৰ ভৰিৰে স্ত্ৰীৰ কপালৰ সেন্দূৰ মচি পেলোৱা পদ্ধতি এতিয়াও আমাৰ ভাৰতীয় সমাজত পৰিলক্ষিত হয়। ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ মতে পুৰুষৰ বাওঁ হাড়ৰ পৰা নাৰীৰ জন্ম বুলি কোৱা হয়। অৰ্থাৎ নাৰী পুৰুষৰ অৰ্ধাঙ্গিনী, Better half বা পুৰুষৰ আধা বুলি অ-বিজ্ঞানসন্মত নীতি নিৰ্দেশনা মানি চলা হয়। এতিয়াও আমাৰ সমাজত নাৰীক ৰঙচঙীয়া কাগজেৰে মেৰিওৱা ভোগ্য সামগ্ৰী বুলি গণ্য কৰা হয় আৰু তেওঁলোকৰ গাত Expiry date ৰ লেভেল মৰা আছে। অৰ্থাৎ নাৰী যেনিবা খেলৰ সামগ্ৰী।

আমাৰ দেশত শিক্ষিতৰ হাৰ দ্ৰুত গতিত বৃদ্ধি হোৱা স্বত্বেও নাৰীৰ প্ৰতি এই সংকীৰ্ণ , অন্ধকাৰাচ্ছন্ন মনোভাৱ দূৰ নোহোৱাৰ ফলত ১৯৭১ চনৰ পৰা বৰ্তমান লৈকে আমাৰ দেশৰ নাৰীসকলে গাৰ্হস্থ হিংসাৰ বলি হোৱাৰ উপৰিও নানা ধৰণৰ নিৰ্যাতনৰ বলি হোৱা ঘটনাৰ পৰিসংখ্যা ক্ৰমে উৰ্ধগামী হৈ পৰিছে। ১৯৭১ চনৰ পৰা ২০১১ চনলৈকে নাৰী-নিৰ্যাতনৰ ঘটনা চাৰিশ গুণ বৃদ্ধি হৈ ২০১৯ চনত আমাৰ ভাৰতবৰ্ষত সৰ্বমুঠ ২৯ হাজাৰ নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা ঘটিছে বুলি জনা গৈছে।ক’ৰণাকালীন সময়ৰ বাবে ২০২০ চনত এই নাৰী নিৰ্যাতনৰ সংখ্যা কিছু কমিছিল যদিও ২০২২ চনত এই সংখ্যা ৩২ হাজাৰলৈ বৃদ্ধি হৈ যোৱা ২০২৩ চনত ৩৫ হাজাৰ নাৰী-নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। মুঠতে আমাৰ দেশত প্ৰতি ১৫ মিনিটত এজনকৈ নাৰী নিৰ্যাতনৰ বলি হৈ আহিছে। আছে প্ৰত্যেক চাৰি জন পুৰুষৰ এজন এই নাৰী নিৰ্যাতনৰ অপকৰ্মত লিপ্ত হৈছে বুলি এটি সমীক্ষাত পোৱা গৈছে। কিন্তু,এয়াও সঠিক পৰিসংখ্যা নহয়। নব্বৈ শতাংশ নাৰীয়ে তেওঁলোকৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা সদায় গোপন ৰাখে। বিশেষকৈ, পুৰুষ তান্ত্ৰিক সমাজত বহুত নাৰীয়ে সমাজত অৱজ্ঞাৰ পাত্ৰী তথা স্থিতি হেৰুওৱাৰ ভয়ত বা আত্ম মৰ্যাদা ক্ষুণ্ণ হোৱাৰ আশংকাত তেওঁলোকৰ ওপৰত হোৱা নিৰ্যাতনৰ কথা লুকাই ৰাখিবলৈ চেষ্টা কৰে।

বহুতো নাৰীয়ে স্বল্প পৰিসৰৰ পোছাক পৰিধান কৰা বা বেপৰোৱা মনোভাৱৰ বাবে পুৰুষৰ দ্বাৰা ধৰ্ষণৰ চিকাৰ হয় বুলি ৰক্ষণশীল ব্যক্তিসকল অভিযোগ কৰা দেখা যায়। কিন্তু, যেতিয়া সাত বছৰীয়া শিশুৰ পৰা সত্তৰ বছৰীয়া বৃদ্ধাও পুৰুষৰ দ্বাৰা ধৰ্ষণৰ চিকাৰ হয়, তেতিয়া ইয়াৰ বাবে আমি কাক দায়ী কৰিম ? অৱশ্যে নাৰীসকলেও স্বল্প পৰিসৰৰ চিত্তাকৰ্ষক পোছাক পৰিধান কৰি পুৰুষৰ পণ্য সামগ্ৰী ৰূপে নিজকে গঢ়ি তোলা অনুচিত ; সেইবুলি আৰবীয় পোছাক পৰিধান কৰি সৰ্বশৰীৰ ঢাকি ৰখাৰো দৰকাৰ নাই। কেৱল সুৰুচিসম্পন্ন পোছাক পৰিধান কৰিলেই হ’ল। কিন্তু নাৰী নিৰ্যাতিত হোৱাৰ এয়াই মূল কাৰণ নহয় ; ইয়াৰ বাবে সম্পূৰ্ণ দায়ী পুৰুষ-প্ৰধান সমাজ ব্যৱস্থাৰ অনুগামী হৈ পুৰুষৰ নাৰীৰ প্ৰতি থকা পুৰণিকলীয়া মন-মানসিকতা। এনেকি নাৰী-প্ৰধান জনজাতীয় সমাজ-ব্যৱস্থাতো বৰ্তমান পুৰুষৰ দপদপনি বাঢ়ি গৈছে।

যি কি নহওক, ভুমিকম্প হৈ গোটেই ভূমণ্ডল থৰথৰকৈ কঁপি উঠাৰ দৰে আমাৰ দেশত সম্প্ৰতি কিছুমান জঘন্যতম নাৰী ধৰ্ষণৰ ঘটনাই সমাজ ব্যৱস্থাক তীব্ৰ ভাবে জোঁকাৰি গৈছে। ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ মুনিৰকাত সংঘটিত নাৰী নিৰ্যাতনৰ জঘন্যতম” নিৰ্ভয়াকাণ্ড”ৰ দলৱদ্ধ ধৰ্ষণৰ অমানুষিক ঘটনাই গোটেই ভাৰততে এক তীব্ৰ কঁপনিৰ সৃষ্টি কৰিছিল। ফিজিওথেৰাপিষ্টৰ পুৰণি প্ৰশিক্ষণপ্ৰাপ্ত ২১ বছৰীয়া জ্যোতি সিংহই ( পৰৱৰ্তী তাইৰ নাম দিয়া হৈছিল নিৰ্ভয়া ( Fearless) ল’ৰা বন্ধুৰে সৈতে নিশা বাৰ বজাত দিল্লীৰ বসন্ত বিহাৰৰ পৰা দ্বাৰকালৈ গৈ থকা অৱস্থাত চলন্ত বাছৰ ভিতৰত এদল উন্মত্ত মানৱ ৰূপী দানৱৰ হাতত দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল। ধৰ্ষণকাৰীসকল ইমানেই পশুতুল্য নৰাধম আছিল যে, নিৰ্ভয়াৰ গোপন যৌনাংগত লোৰ দণ্ড সোমাই দি নিৰ্যাতন কৰিছিল আৰু তাৰ পিছত বন্ধুৰে সৈতে তাইক বাছৰ পৰা দলিয়াই পেলাই দিছিল। দলৱদ্ধ ধৰ্ষণ আৰু পাশৱিক নিৰ্যাতনৰ বলি হৈ নিৰ্ভয়াই মৃত্যুৰে যুঁজি যুঁজি ২০১২ চনৰ ২৯ ডিচেম্বৰত ছিংগাপুৰৰ মাউন্ট এলিজাবেথ হাস্পতালত কৰুণ মৃত্যুক আকোঁৱালি লৈছিল। অথচ, নিৰ্ভয়াৰ পৰিয়ালে ন্যায় পাবলৈ ছবছৰ অপেক্ষা কৰিব লগা হৈছিল। আনহাতে ২০০৯ চনৰ জানুৱাৰীত নয়ডাৰ-৩৯ ছেক্টৰত এম বি Master of Businessment) বিষয় লৈ পঢ়ি থকা এগৰাকী নাৰী যাত্ৰীয়ে দলৱদ্ধ ধৰ্ষণৰ বলি হৈ এতিয়াও কোনো ন্যায় নেপালে। উত্তৰ-পূৰ্বাঞ্চলৰ বহুত যুৱতীয়ে দিল্লী মেট্ৰোপলিটান নগৰত সঘনাই ধৰ্ষণৰ বলি হোৱা ঘটনাই চিন্তাৰ উদ্ৰেক সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত দেশৰ কলিকতাকে ধৰি অন্যান্য চহৰ-নগৰো পিছ পৰি থকা নাই। গোষ্ঠী সংঘৰ্ষৰ ফলত মণিপুৰৰ ৰাজপথত দুগৰাকী মহিলাক নগ্ন কৰি পেৰেড কৰি কৰি ধৰ্ষণ কৰা কাৰ্যই গোটেই ভাৰততে প্ৰতিবাদৰ জোঁৱাৰ তুলিছিল। গুৱাহাটী নগৰীত বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতৃয়ে দলৰ সদস্যৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল। উজনি অসমতো হোৱা কেইবাটাও যৌন নিৰ্যাতনৰ ঘটনাই অসমৰ ৰাজনীতিত তোলপাৰ লগাইছিল। অসমত সংঘটিত যৌন নিৰ্যাতনৰ বহু ঘটনাৰ পৰিসংখ্যা গোপনে ৰাখি এক বিশেষ ধৰ্মাৱলম্বী মানুহৰ ওপৰত আঙুলি টোঁৱাই ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টাও চলাই থকা পৰিলক্ষিত হৈছে। প্ৰকৃততে, অসৎ কৰ্মত লিপ্ত হোৱা যৌন নিৰ্যাতনকাৰী সকল কোনো বিশেষ ধৰ্মৰ লোক হ’ব নোৱাৰে ; সকলো ধৰ্মাৱলম্বী সকলৰ মাজত এনেধৰণৰ কুপ্ৰবৃত্তিৰ অপৰাধী থাকেই । আচলতে ,আমাৰ দৃষ্টিৰ অগোচৰে গোটেই ভাৰতৰ চুকে কোণে নাৰীয়ে প্ৰতি মুহূৰ্তত গাৰ্হস্থ হিংসা বা যৌন নিৰ্যাতনৰ চিকাৰ হৈ আহিছে। ক’বলৈ গ’লে আজিৰ দিনটোতো নাৰীৰ ক’তো নিৰাপত্তা নাই। নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান, কৰ্মক্ষেত্ৰ, কলা, কৃষ্টি,সংস্কৃতি, সাহিত্য, সংগীত , ক্ৰীড়াক্ষেত্ৰ, বিনোদন,চলচ্চিত্ৰ আদি ক’তো নাৰীৰ নিৰাপত্তা নাই। ইডিপাছ কমপ্লেক্সৰ দ্বাৰা আক্ৰান্ত কিছুমান বিকৃত যৌন মস্তিষ্কৰ পিতৃ,ভ্ৰাতৃয়ো জীয়ৰী বা ভনীয়েকক ধৰ্ষণ কৰাৰ বাতৰি প্ৰায় শুনিলেই অনুভৱ হয় , মানুহ এতিয়াও দানৱ হৈ আছে বা বৰ্বৰ যুগৰ কোনো পিতৃ-মাতৃ পৰিচয়হীন পৰ্বতে পাহাৰে নগ্ন হৈ ঘূৰি ফুৰি ফলমূল খাই জীয়াই থকা বৰ্বৰ মানুহবোৰৰ এতিয়াও কোনো ক্ৰমবিকাশ হোৱা নাই যেন অনুভৱ হয়।

এইবেলিও যোৱা ৯ আগষ্টত পশ্চিমবঙ্গৰ উত্তৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী ( পি জি টি) চিকিৎসক ডাঃ মৌমিতা দেৱনাথক চিকিৎসালয়ৰ আলোচনা কক্ষত চকু ,মুখ, নাক আৰু যৌনাংগত প্ৰচুৰ পৰিমাণে তেজ ওলাই থকা অৱস্থাত উদ্ধাৰ কৰা হয় । লগে লগে ডাক্তৰে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰথমতে মেডিকেল কলেজৰ কতৃপক্ষই তেওঁক আত্মহত্যা কৰা বুলি গাপ দিবলৈ চেষ্টা কৰিছিল যদিও পোষ্ট মৰ্টেম ৰিপোৰ্টত অভয়াক ( আচল নাম মৌমিতা) উপৰ্যুপৰি যৌন নিৰ্যাতন কৰি দলৱদ্ধ ধৰ্ষণৰ অমানুষিক ঘটনাৰ কথা পোহৰলৈ অহাৰ লগে লগে গোটেই ভাৰততে প্ৰতিবাদৰ তীব্ৰ জোঁৱাৰ উঠিল। গোটেই বিশ্বজুৰি এই অমানুষিক জঘন্যতম ঘটনাৰ বাবে ধিক্কাৰ দিলে। আধুনিক ভাৰত নিৰ্মাতা হিচাপে গৰ্ববোধ কৰা ভাৰতৰ প্ৰশাসকৰ বিশ্ববাসীৰ ওচৰত লজ্জানত হ’ল। ছোমালিয়া দেশৰ পিছতেই ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত দ্বিতীয় ধৰ্ষণকাৰী দেশ হিচাপে পৰিগণিত হ’ল। যি কি নহওঁক, ৯ আগষ্টতে সঞ্জয় ৰয় নামৰ ব্যক্তিক এই ঘটনাৰ লগত জড়িত বুলি প্ৰমাণিত হোৱাৰ পিছত পুলিচে গ্ৰেপ্তাৰ কৰে। ১২ আগষ্টৰ পৰা ১৭আগষ্ট লৈকে দেশৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ডাক্তৰসকলে অভয়াক এই জঘন্যতম ধৰ্ষণ কৰি হত্যা কৰা অপৰাধমূলক কাৰ্যৰ লগত জড়িত অপৰাধীক চৰম শাস্তি দিয়াৰ উপৰিও চিকিৎসক সকলৰ নিৰাপত্তা দান কৰাৰ দাবীত জৰুৰীকালীন চিকিৎসা সেৱাৰ বাহিৰে সকলো ধৰণৰ চিকিৎসা সেৱা স্থগিত ৰাখে। চিকিৎসক সকলৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে মমবাতি জ্বলাই কবিতা আৰু গানেৰে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি গণ-মিছিল আৰু গণ-সমাৱেশ উলিয়ায়। এই সুযোগতে ১৪ আগষ্টত এটা প্ৰতিবাদকাৰী ছদ্মবেশী দলে আৰ জি কৰ মেডিকেল কলেজৰ আৱাসিক এলেকাত ধ্বংসাত্মক কাৰ্য সংঘটিত কৰি আলোচনা কক্ষটো ধ্বংস কৰি প্ৰমাণ নষ্ট কৰাৰ অপচেষ্টাও চলাই থকা পৰিলক্ষিত হৈছে। দিল্লীৰ উচ্চ ন্যায়ালয়ে পুলিচক আচল ৰহস্য ফাদিল কৰিবলৈ এক সপ্তাহ সময়সীমা বান্ধি দিয়াৰ পিছত এতিয়া আকৌ ২৪ ঘন্টা সময় বান্ধি দিছে। লাহে লাহে এই ঘটনাৰ ৰাজনীতিকৰণ হোৱা পৰিলক্ষিত হৈছে। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা ব্যানাৰ্জীয়ে এই ঘটনাৰ সুযোগ লৈ পশ্চিমবঙ্গত ৰাম আৰু বাম দলে অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি প্ৰচাৰ কৰি আছে ; আনহাতে ৰাজ্যৰ বিৰোধী দলসমূহে তৃণমূল কংগ্ৰেছ দলৰ সমৰ্থনত এই চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সন্দীপ ঘোষ জড়িত বুলি অভিযোগ তুলিছে। ইতিমধ্যে আন্দোলনকাৰীৰ হেঁচাৰ সন্মূখীন হৈ অধ্যক্ষ সন্দীপ ঘোষে পদত্যাগ কৰিছে। পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা ব্যানাৰ্জীয়ে এই ঘটনাৰ তদন্ত কৰিবলৈ চি বি আইৰ হাতত ক্ষমতা হস্তান্তৰ কৰিছে। এইখন মেডিকেল কলেজৰ উপাধ্যক্ষ গৰাকীয়ে এই ঘটনাৰ আঁৰত মানৱ দেহৰ অবৈধ ব্যৱসায়, ঔষধৰ বেহা-বেপাৰ কৰা যৌন কেলেঙ্কাৰী আৰু বহুতো অবৈধ ঘটনাৰ লগত অধ্যক্ষ গৰাকী জড়িত বুলি অভিযোগ তুলিছে। আৰু সকলো ঘটনাৰ নেপথ্যৰ জঘন্যতম অপৰাধী চৰিত্ৰৰ ব্যক্তিজনেই হ’ল সঞ্জয় ৰয়। লাহে লাহে হয়তো এই মেডিকেল কলেজখনত নানা অপৰাধমূলক ঘটনাৰ ৰহস্য ফাদিল হ’ব। হয়তো অভয়াই অৰ্থাৎ ডঃ মৌমিতা দেৱনাথে এই কেলেঙ্কাৰীৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰিব বিচাৰিছিল ; যাৰ বাবে অভয়াক নিৰ্যাতন চলাই চলাই দলৱদ্ধ ভাবে ধৰ্ষণ কৰি হত্যা কৰা হ’ল। এই কথা প্ৰণিধানযোগ্য যে, কোনো কঠোৰতম আইন প্ৰণয়ন কৰিও নাৰী নিৰ্যাতন বা ধৰ্ষণ কাৰ্য কেতিয়াও বন্ধ কৰিব নোৱাৰি ; ইয়াৰ বাবে লাগিব পুৰুষৰ পুৰণিকলীয়া মন মানসিকতাক ত্যাগ কৰি সংৰক্ষণ নীতিৰ জৰিয়তে নাৰীক সম মৰ্য্যাদা বা সম অধিকাৰ দিয়া নহয় ; বৰঞ্চ নাৰী পুৰুষৰ সমমৰ্যাদাৰ বা সম অধিকাৰ প্ৰকৃতিদত্ত বুলি মনে-প্ৰাণে স্বীকাৰ কৰিলেহে যুগে যুগে চলি থকা নাৰী নিৰ্যাতনৰ ঘটনাৰ অৱসান ঘটিব ।