যিকোনো বিনিয়োগৰ জৰিয়তে আপুনি স্বাৱলম্বী হোৱা সম্ভৱনে ? – দেবর্ষি গৌতম

যিকোনো বিনিয়োগৰ জৰিয়তে আপুনি স্বাৱলম্বী হোৱা সম্ভৱনে ?

দেবর্ষি গৌতম, বনগাঁও

যিকোনো পদ্ধতিৰে নিজৰ উপাৰ্জিত ধন বিনিয়োগ কৰি আমি স্বাৱলম্বী হব পাৰো। কিন্তু কত আৰু কেনেকৈ আমাৰ উপাৰ্জিত ধন বিনিয়োগ কৰিম সেই বিষয়ে আমি বিনিয়োগ কৰাৰ পূৰ্বে পুংখানুপুংখ ভাবে জানি লোৱাটো অতিকৈ দৰকাৰী। বহু সময়ত দেখিবলৈ পোৱা যায় যে বিনিয়োগৰ নামত বহু লোকে বিভিন্ন ধৰণৰ জালিয়াতিৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ প্ৰমাণ বিগত দিনত সংঘটিত হোৱা ঘটনা প্ৰবাহে বহন কৰিছে। যদি আপোনাৰ উপাৰ্জিত ধন বিনিয়োগ কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে তেনেহলে এটা কথা স্পষ্ট যে বিনিয়োগ কৰিবলৈ আপুনি নিজে প্ৰাথমিক তথ্য সমূহ আহৰণ কৰিব লাগিব। আমাৰ দেশত বিনিয়োগৰ বাবে জনপ্ৰিয় প্লেটফৰ্ম হৈছে শ্বেয়াৰ বজাৰ। ইয়াৰ উপৰিও মিছুৱেল ফাণ্ড, ভাৰতীয় জীৱন বীমা নিগম আদিৰ জৰিয়তেও আপুনি নিজৰ উপাৰ্জিত ধন বিনিয়োগ কৰাৰ সুবিধা আছে। কিন্তু এনে ধৰণৰ বিনিয়োগ আপুনি প্রত্যক্ষভাবে কৰাটো অতিকৈ জৰুৰী। যদি আপুনি এনে ধৰণৰ বিনিয়োগত আন ব্যক্তিৰ সহায়ত কৰিবলৈ আগবাঢ়ে তেনেহলে এনে বিনিয়োগৰ পৰা আপুনি যে বিপদৰ সন্মুখীন নহব তাৰ কোনো নিশ্চয়তা নাই।  বিনিয়োগৰ ক্ষেত্ৰখন এনে এখন ক্ষেত্ৰ নহয় যে আপুনি বিনিয়োগ কৰা ধনখিনিৰ পৰা আপুনি  নিশ্চিতভাৱে লাভাম্বিত হব। বিনিয়োগৰ ক্ষেত্ৰখনত লাভ আৰু লোকচান দুইটা সম্ভৱ। আপোনাৰ লাভ লোকচান বিনিয়োগৰ প্ৰতিটো স্তৰ আপুনি কিমান সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে তাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব। আপুনি অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ পিছতো কেতিয়াবা বিনিয়োগৰ ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। কিন্তু আপুনি আপোনাৰ লোকচান কিদৰে লাভলৈ ৰূপান্তৰিত কৰিব সেইটোহে বিনিয়োগৰ মূল বিষয়। বিনিয়োগৰ ক্ষেত্ৰ খনত বহু লোক লাভাম্বিত হোৱাৰ কথা আপোনালোকে সততে শুনিবলৈ পাব। কিন্তু লোকচানৰ কথা খুব কমকৈ শুনিবলৈ পাব। এক উচ্চ জীৱনশৈলীৰ সকলোৰে আগত উপস্থাপন কৰি কিছুমান লোকে বিনিয়োগৰ জৰিয়তে লাভাম্বিত হোৱা বুলি প্ৰমাণ কৰিব বিচাৰে। কিন্তু ইয়াতে এটা চিন্তা কৰিবলগীয়া কথা আছে। বিনিয়োগত যদি সকলোৱে লাভ কৰি আছে তেনেহলে লাভ হোৱা এই ধনবোৰ আহিছে কৰ পৰা। কোনোবাই যদি বিনিয়োগৰ পৰা লাভ কৰিছে তেনেহলে কোনোবাই লোকচানৰ সন্মুখীন হবই লাগিব তেতিয়াহে লাভ হোৱা ব্যক্তিগৰাকীয়ে লাভৰ ধনখিনি পাব। গতিকে আপোনালোকে অতি কম সময়ত ধনী হোৱাৰ সপোনত ডুব হৈ কোনো ব্যক্তিৰ চলাহী কথাত নিজৰ কষ্ট উপাৰ্জিত ধন অপচয় কৰিবলৈ তেনে ব্যক্তিৰ হাতত আপোনাৰ ধন তুলি নিদিব। যদি কোনোবা ব্যক্তিয়ে ৩০ পৰা ৪০ শতাংশ ধন লাভ কৰি দিয়াৰ সপোন দেখুৱাই তেনেহলে এটা প্ৰশ্ন নিশ্চিতভাৱে মনলৈ আনিব যে ইমান লাভ যদি সচাকৈ হয় তেনেহলে সেই ব্যক্তিগৰাকীয়ে বৃহৎ পৰিমাণৰ ধন নিজে লাভ নকৰি আপোনাক দিয়াৰ উদ্দেশ্য কি ? ধন উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হোৱাটো প্ৰতিগৰাকী ব্যক্তিৰে এক সপোন থাকে কিন্তু অতি সহজ উপায় অৱলম্বন কৰি স্বাৱলম্বী হোৱাৰ সপোন যিয়ে দেখে তেনে ব্যক্তি কেতিয়াও স্বাৱলম্বী হব নোৱাৰে। জীৱনত যিকোনো প্ৰকাৰে সফল হবলৈ হলে চেষ্টা আৰু অধ্যবসায়ৰ কোনো বিকল্প নাই। কেতিয়াও কাৰো চলাহী কথাত ভোল গৈ আপুনি নিজৰ কষ্ট উপাৰ্জিত ধন আনে বিনিয়োগৰ জৰিয়তে উপাৰ্জন কৰি দিয়াৰ লোভত প্ৰবঞ্চনাৰ বলি হোৱাৰ পৰা বিৰত থাকক নহলে আপুনি সৰ্বশ্ৰান্ত হোৱাটো নিশ্চিত। বিশেষকৈ শ্বেয়াৰ বজাৰত তথ্য অথবা জ্ঞান আহৰণ কৰি আপুনি সফলভাবে ট্রেডিং কৰিব পাৰিব। কিন্তু কোনো তথ্য ৰাজহুৱাকৈ আনৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিব। সেয়া চেবি অৰ্থাৎ শ্বেয়াৰ বজাৰ পৰিচালনা কৰা সংস্থাৰ নিয়মৰ বাহিৰত। ইয়াৰ বাবে বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ নিয়ম আছে। এনে অন্য ধৰণৰ বহু নীতি-নিয়ম আছে। যিসমূহ নীতি নিয়ম আপুনি অথবা মোৰ দৰে সাধাৰণ মানুহৰ জ্ঞাত নহয়। সাধাৰণ মানুহৰ তেনে অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি কিছুমান লোকে প্ৰবঞ্চনাৰ জাল পেলাই। যদি আপুনি নিজে বিনিয়োগ কৰিবলৈ অপাৰগ তেনেহলে আনৰ সহায়ত বিনিয়োগ কৰাৰ পৰিবৰ্তে বিনিয়োগৰ প্ৰতিটো স্তৰৰ তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰক আৰু নিজকে বিনিয়োগৰ ক্ষেত্ৰ খনত যোগ্য হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰক। যদি সেয়া আপোনাৰ বাবে সম্ভৱপৰ নহয় বুলি আপুনি নিজে অনুভৱ কৰে তেনেহলে আপুনি বিনিয়োগৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন এৰি দি অন্য দিশত স্বাৱলম্বী হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰক। গতিকে আপুনি কেতিয়াও কোনো লোকৰ চলাহী কথাত ভোল গৈ নিজক সৰ্বশ্ৰান্ত কৰাৰ বাট মুকলি কৰি নিদিব। আপুনি নিজে যদি ভুল নকৰে তেনেহলে আপোনাক কোনেও প্ৰবঞ্চনা কৰিব নোৱাৰে। আপোনাৰ এটা সামান্য ভুল আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিপদ হিচাপে পৰিগণিত হবলৈ বৰ বেছি সময় নালাগে।