যাদৱ পায়েং আৰু মুলাই কাঠনিবাৰী – মুন শৰ্মা

যাদৱ পায়েং আৰু মুলাই কাঠনিবাৰী

মুন শৰ্মা, লখিমপুৰ

মানুহ জনৰ নাম যাদৱ পায়েং।তেখেতৰ জন্ম যোৰহাট জিলাত ১৯৬৩ চনত। অসমৰ এগৰাকী পৰিৱেশ কৰ্মী আৰু আমাৰ গৌৰৱ যাদৱ পায়েং নিজৰ কৰ্মৰ দ্বাৰা অসম, ভাৰত আৰু বিশ্ব বহু কেইখন দেশত সন্মানিত হৈছে। তেখেত অকলেই এখন অৰণ্য সৃষ্টি কৰাৰ বাবে বিখ্যাত। অৰণ্য খন অৱস্থিত যোৰহাট জিলাৰ অন্তর্গত ককিলামুখ নামৰ এখন ঠাই কাষৰীয়া মহাবাহু ব্ৰহ্মপুত্ৰ মাজৰ ঔনামুখ নামৰ এটা চাপৰিত। এই অৰণ্য খনক মুলাই কাঠনিবাৰী নামৰে জনাযায়। যাদৱ পায়েংৰ অন্য এটা নাম মুলাই হোৱা বাবে তেওঁ নামৰ পৰা অৰণ্য খনৰ নাম মুলাই কাঠনি হৈছে।এই অৰণ্য খনৰ সৃষ্টিৰ আঁৰত আছে এটি কাহিনী যিটো হ’ল… যোৰহাটৰ বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠত দশম শ্ৰেণীলৈকে পঢ়াৰ পাছত ঘৰৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে সিমানতে পঢ়া সামৰি দেশৰ বিভিন্ন ঠাইত কৰ্মৰ বাবে ঘূৰি ফুৰাৰ পাছত শেষত যেতিয়া তেওঁ এদিন আকৌ নিজৰ জন্ম ঠাই খনলৈ উভতি আহিছিল তেতিয়া তেওঁ এবাৰ গ্ৰীষ্মকালত অসহনীয় গৰমৰ বাবে পশু -পক্ষী,জীৱ জন্তু আদি বোৰৰ অসহায় অৱস্থা দেখি মনত বৰ দুখ পাইছিল। আকৌ এবাৰ বানপানীত বহুত সাপ পানীৰ সোঁতত উটি আহি মৃত্যু মুখত পৰাৰ দৃশ্য নিজ চকুৰে দেখি বাৰুকৈয়ে আবেগিক হৈ পৰিছিল।।সেয়ে তেওঁ এদিন ভাবিলে আৰু বুজিলে যে এই দুটা অৰ্থাৎ সাপ কেইটাৰ মৃত্যু আৰু অসহনীয় গৰমৰ বাবে হোৱা জীৱ জন্তুৰ অসহায় অৱস্থাৰ কাৰক মাথোন আমি কৰি থকা যধে -মধে গছ গছনি ধ্বংস, আৰু ইয়াক নিৰাময় কৰিব পাৰি মাথোন গছ -গছনি ৰোপণ বা বৃক্ষৰোপণ দ্বাৰা হে।সেয়েহে পলম নকৰি খুব কম দিনৰ ভিতৰতে আৰম্ভ কৰিলে বৃক্ষৰোপনৰ কাম। সেয়া আছিল ১৯৭৯ চন ৫০টা বাঁহ গছৰ মূঢ়া ৰোপণৰ দ্বাৰা আৰম্ভ কৰা কৰ্মৰ পাছত ১৯৮০ চনত সেই চাপৰিটোত বন বিভাগৰ দ্বাৰা পতা হৈছিল এখন গছ পুলিৰ বাগান, য’ত এজন কৰ্মী আছিল যাদৱ পায়েং।সকলো কাম শেষ হোৱাৰ পাছত অন্য সহকৰ্মী সকল আঁতৰি গুচি গৈছিল, কিন্তু আঁতৰি নগ’ল যাদৱ পায়েং। একক ভাবে নিৰন্তৰ পুলি বোৰৰ লালন -পালন,প্ৰতিপালন কৰাৰ উপৰি কাষতে থকা অন্য এডোখৰ ঠাইত গছ ৰোপণৰ কাম আৰম্ভ কৰি দিছিল। দিন বাৰ মাহ বাগৰি সুদীৰ্ঘ ত্ৰিশ(৩০) বছৰ কালৰ গুচি গৈছিল, তেতিয়াই ৰোৱা গছপুলি বোৰৰ একোজোপা ডাঙৰ বৃক্ষলৈ ৰূপত হৈ এখন বিৰাট অৰণ্য ৰূপ লোৱাৰ কথাতো চাপৰিৰ মানুহ খিনিৰ বাদে অন্য কোনো লোকেই জানা নাছিল। কিন্তু ২০০৯ চনত এজন ফটোগ্ৰাফাৰ এটা বাতৰি ভাইৰেল হৈ পৰাৰ ফলত খুব কম দিনতে বিখ্যাত হৈ পৰিছিল এই মুলাই কাঠনি।অৰ্জুন,এজাৰ, কৰৈ, মজ,শিমলু, দৰে মূল্যৱান গছ, ঢেঁকীয়াপতীয়া বাঘ,এশিঙীয়া গঁড়, হৰিণ, বান্দৰ,আৰু অনেক প্ৰজাতিৰ চৰাইৰ বিচৰণ কৰা মুঠ ৫৫০ হেক্টৰ ভূমি আগুৰি থকা অৰণ্য খন সৃষ্টিৰ দ্বাৰা মানৱ সমাজক বহু কথা শিক্ষা দিয়া আৰু বহু বাৰ্তা প্ৰেৰণ কৰা এই জন বৰেণ্য ব্যক্তিয়ে তেওঁৰ আদৰণীয় আৰু প্ৰশংসনীয় কৰ্মৰ বাবেই দেশে বিদেশে বহু সন্মান অসমলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতৰ সন্মান সমূহৰ ভিতৰত ২০১৫ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰৰ পৰা পোৱা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা,দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগে ২০১২ চনত প্ৰদান কৰা অৰণ্য মানৱ উপাধি, আৰু ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথে নিৰ্বাচন কৰা পৰিৱেশ সুৰক্ষাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ২০২০ চনৰ ১২৮ তম “কমনৱেলথ পইণ্টছ অব লাইট” পুৰস্কাৰ প্ৰধান।উল্লেখযোগ্য যে তেখেতৰ কৰ্মত প্ৰভাৱিত হৈ সুদূৰ উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ এটা বেচৰকাৰী সংস্থা তেখেতৰ লগত ২০২০ চনৰ ডিচেম্বৰ মাহত চুক্তি কৰিছিল। দেশ খনত যাদৱ পায়েংৰ সহযোগত সংস্থাটোৱে আঠ লাখ হেক্টৰ ভূমিত বৃক্ষৰোপণ কৰাৰ সিদ্ধান্ত লৈছিল।তাৰ বাবে তেওঁ পাইছে মেক্সিকো চৰকাৰৰ পৰা দেশ খনত থকাৰ বাবে ১০ বছৰৰ ভিছা।