যন্ত্ৰ পৰিচালনা কৰিবলৈ সুৰক্ষিত ৰাখিব’লৈ যেনেকৈ নিয়ম থাকে-অনামিকা(সংগীতা)কলিতা

যন্ত্ৰ পৰিচালনা কৰিবলৈ সুৰক্ষিত ৰাখিব’লৈ যেনেকৈ নিয়ম থাকে তেনেকৈ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী নিয়ম থাকিব লাগে
Safety rules and safety tools

অনামিকা(সংগীতা)কলিতা,শুৱালকুছি

আমাৰ জীৱন ধাৰণৰ প্ৰণালী ব্যৱহাৰ কৰা যন্ত্ৰপাতিবোৰ ভালদৰে সুৰক্ষিত কৰি ৰখাৰ ওপৰত গুৰুত্ব দিওঁ ঠিক তেনেকৈ আমি চলাচল কৰা বাট-পথবোৰ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব চৰকাৰৰ লগতে আমাৰ সকলো জনসাধাৰণৰ।

মানুহে সুস্থ বাতাবৰণত বাস কৰিবলৈ সকলো ঠাইতে নিয়মত নিয়ন্ত্ৰণ থাকিব লাগে। সেয়া পিকনিকৰ আনন্দৰ সময়ত বা গাড়ী চলাই যাওঁতে হওক বা কৰ্মস্থানত  ।অকণমান অসাৱধানতা দুৰ্যোগ মাতি আনে।টিভিৰ বাতৰিত বা বাতৰি কাকতত সদায় দুৰ্ঘটনা এটা হ’লেও দেখিবলৈ বা পঢ়িব’লৈ পাওঁ। এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে ।ৰাষ্টাবোৰত টলগেট বহাই টেক্স ল’লেই নহ’ব বাট-পথ বোৰৰ মাজতে দ খাল আদি থাকে সেইবোৰ মেৰামতি কৰাৰ দায়িত্ব থাকে ।পথ সুৰক্ষাৰ এটি বিভাগ (municipality)সেই বিষয়ববীয়াৰো দায়িত্ব। গুৱাহাটী বা বিভিন্ন ঠাইলৈ গ’লে বাট-পথৰ মাজতে কিছুমান সৰু সৰু দ  গাট দেখিবলৈ পাওঁ সেইবোৰত নিশা গাড়ী চলাই আহোঁতে বহুত দুৰ্ঘটনা হয়। নলা -নৰ্দমা বোৰ বহুত ঠাইতে অৰ্ধনিৰ্মিত হৈ থাকে সেইবোৰ স্থানীয় লোকৰ দায়িত্ব চৰকাৰৰ  সেই বিশেষ বিভাগটোক অৱগত কৰোৱা।আমাৰ দায়িত্ব আছে যুৱপ্ৰজন্মক তীব্ৰবেগী বাইক চলোৱাৰ পৰা বিৰত ৰখা ।কাৰণ নিজৰ জীৱন নিজৰ হাতত সেই কথা সিহঁতক সৰুৰে পৰা শিকাব লাগিব। মদ্যপান কৰি গাড়ী চলোৱা সকলক চৰকাৰ নিয়ন্ত্ৰণ লাগিব।তেওঁলোকক বুজাব লাগিব সিহঁতৰ কাৰণে বেলেগ জীৱনৰ অমানিশা নামি আহে ।

আমাৰ শুৱালকুছি গেট আৰু হস্পিটাল চ’ক মাজৰ ঠাইখিনি অতি বিপদজনক। দাম্পাৰ আৰু তীব্ৰবেগী বাইক আৰু অন্যান্য গাড়ী বহুত দুৰ্ঘটনা হৈছে।পাঁচ খন শিক্ষানুস্থান আছে অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ অহা যোৱা চলি থাকে। এইফালে হস্পিটাললৈ ৰুগিসকলো অহাযোৱা কৰি থাকে ।সেইখিনি ঠাইত বিশেষ ব্যৱস্থাৰ প্ৰয়োজন।

ডিজিটেল যুগত বহুত উন্নতি সাধন হৈছে  অসম্ভবো  সম্ভব গতিকে  বাট-পথবোৰত বিজ্ঞানসন্মতভাৱে কিছুমান পদ্ধতি ব্যৱহাৰ ওপৰত আমাৰ শুৱালকুছিৰ লগতে বিভিন্ন ঠাইত কৰাৰ গুৰুত্ব দিব লাগিব। এয়া আমাৰ  জনসাধাৰণৰো দায়িত্ব  চৰকাৰক দৃষ্টিগোচৰ কৰাই সহযোগিতা আগবঢ়োৱা আৰু সু-ব্যৱস্থা সকলো ঠাইতে নিয়মত নিয়ন্ত্ৰণ ৰখা।