যন্ত্ৰণা ভোগৰ আনন্দ
মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি
হেৰল্ড জন এভৰী ৰাচেল, চমুকৈ হেৰল্ড ৰাচেল, আছিল দ্বিতীয় বিশ্বযুদ্ধত চাৰ্জেণ্ট পেৰাট্ৰুপাৰ হিচাপে কৰ্মৰত এজন আমেৰিকান সেনা। তেওঁৰ জন্ম হৈছিল কানাডাত ১৯১৪ চনৰ ১৪ জানুৱাৰীত। পিছলৈ তেওঁ পৰিয়ালসহ আমেৰিকাৰ বাসিন্দা হয়। বিশ্বযুদ্ধৰ সময়ৰ কথা, প্ৰশিক্ষণৰ সময়ত সংঘটিত এটা ভয়ংকৰ দুৰ্ঘটনাত তেওঁ গুৰুতৰ আঘাতৰ সন্মুখীন হোৱাত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল।
কিছুদিন পিছত তেওঁৰ হুঁচ আহিল। ক’ত কি হ’ল প্ৰথম অৱস্থাত তেওঁ একো বুজিব পৰা নাছিল। লাহে লাহে মনত পেলাবলৈ চেষ্টা কৰাত কথাবোৰ তেওঁৰ মনত সজীৱ হ’বলৈ ধৰিলে। তেওঁ নিজকে চিকিৎসালয়ত আৱিষ্কাৰ কৰিলে। অলপ ঠাণ্ডা অনুভৱ কৰাত তেওঁ গালৈ কাপোৰখন টানি আনো বুলি সোঁহাতখন দাঙিবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। এইবাৰ তেওঁ বাওঁহাত হাতখন দাঙিবলৈ চেষ্টা কৰিলে, কিন্তু এইবাৰো নোৱাৰিলে। বৰঞ্চ এক তীব্ৰ যন্ত্ৰণাই তেওঁৰ সমস্ত শৰীৰ জোকাৰি গ’ল। তাৰ পিছত তেওঁ যি নিৰ্মম সত্য আৱিষ্কাৰ কৰিলে, মানুহক জীয়াই থকাৰ সমস্ত ইচ্ছা নাইকিয়া কৰি পেলাবলৈ সেয়াই যথেষ্ট। কিয়নো দুৰ্ঘটনাটোৱে ইতিমধ্যে ৰাচেলৰ দুয়োখন হাতেই কাঢ়ি লৈ গ’ল।
হাত নোহোৱা মানুহৰ জীয়াই থকাৰ অৰ্থ কি? কাৰ কামত আহিব মোৰ নিচিনা এজন পংগু মানুহ― সমাজৰ নে সংসাৰৰ? কাৰো কামত নাহে, বৰঞ্চ মই হৈ পৰিলোঁ এটা গলগ্ৰহ মাথোঁ। নিজৰ প্ৰাথমিক কামখিনি কৰিবলৈও পৰনিৰ্ভৰশীল হৈ পৰা মই এটা পংগু জীৱ। ভয়ংকৰ দুৰ্ঘটনায়ো মাৰি নিব নোৱৰা ৰাচেলক যেন এইবোৰ চিন্তাইহে মাৰি পেলালে। শাৰীৰিক যন্ত্ৰণাতকৈও তেওঁৰ মানসিক যন্ত্ৰণাৰ আঘাত বেছি কষ্টকৰ আৰু অসহনীয় হৈ পৰিল। জীৱনৰ প্ৰতি ৰাচেলৰ মোহ ভংগ হ’ল। চিকিৎসালয়ত তেওঁ এটা এটা মিনিট এটা এটা অভিশপ্ত যুগৰ দৰে কটাব ধৰিলে।
এনেতে এদিন চাৰ্লি মেক গনেগাল নামৰ মানুহ এজন চিকিৎসালয়লৈ আহিল ৰাচেলক দেখা কৰোঁ বুলি। তেওঁৰো ৰাচেলৰ অৱস্থাই অৱস্থা; প্ৰথম বিশ্বযুদ্ধত তেৱোঁ দুয়োখন হাত হেৰুৱাইছিল। কিন্তু তেওঁ নিজকে পঙ্গুত্বৰ শাৰীলৈ নিক্ষেপ কৰি মৰি মৰি জীয়াই থকা নাছিল, বিপৰীতে লক্ষজন সুস্থ মানুহৰ দৰে এটা সাধাৰণ জীৱন যাপন কৰিছিল। দুয়োখন হাত হেৰুৱায়ো জীয়াই থকাৰ কৌশল উদ্ভাৱন কৰি জীৱনটো অৰ্থবহ কৰি তুলিছিল। জীৱনৰ সমস্ত দুখ-দুৰ্দশাক জীয়াই থকাৰ প্ৰেৰণালৈ ৰূপান্তৰ কৰি জীৱনটো অৰ্থবহ কৰি তুলিছিল। তেনেস্থলত ৰাচেলৰ মানসিক অৱস্থা হৃদয়ংগম কৰিবলৈ, ৰাচেলক সান্তনাৰে সন্মোহিত কৰিবলৈ তেওঁতকৈ উপযুক্ত ব্যক্তি আন কোন হ’ব পাৰে!
ৰাচেলক মানসিক সান্তনা দিবলৈ গৈ চাৰ্লি মেক গনেগালে কথা মহাভাৰত মেলা নাছিল। মাত্ৰ কৈছিল― “For everything you have missed, you have gained something else. অৰ্থাৎ আপুনি হেৰুওৱা সকলোবোৰৰ বাবে আপুনি অন্য কিবা লাভ কৰিছে। এমাৰচনৰ এইষাৰ যাদুকৰী বাণীয়েই মোক জীয়াই থাকিবলৈ সাহস দিছে।” তেওঁ ৰাচেলক সকীয়াই দি কৈছিল, “ৰাচেল, মনত ৰাখিবা― তুমি পংগু নহয়; বাধাগ্ৰস্ত মাথোঁ।”
পংগু? বাধাগ্ৰস্ত? কোনটোৰ অৰ্থ কি? শব্দদুটাৰ পার্থক্যইবা কি? ৰাচেলৰ মনত শব্দদুটাই তীব্ৰ প্ৰবাল্যত ক্ৰিয়া কৰিব ধৰিলে। তেওঁ চিকিৎসালয়ৰ পুথিভঁৰাললৈ গৈ কাৰোবাৰ হতুৱাই অভিধানখন মেলি বিচাৰ কৰিলে ‘পংগু’ আৰু ‘বাধাগ্ৰস্ত’ শব্দদুটাৰ অৰ্থ। ‘পংগু’ মানে অক্ষম হোৱা বা ফলদায়ক কাম কৰিব নোৱৰা হোৱা অৱস্থা। আনহাতে ‘বাধাগ্ৰস্ত’ৰ অৰ্থ হৈছে কামত সফলতা লাভ কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱা এটা অৱস্থা।
তাৰমানে এতিয়াও সব শেষ হৈ যোৱা নাই! মই সফল হোৱাত কষ্টৰ সন্মুখীন হ’ব পাৰোঁ, নানানটা বাধাই ব্যতিব্যস্ত কৰি তুলিব পাৰে; কিন্তু চেষ্টা কৰিলে নিশ্চয় সেই বাধা অতিক্ৰম কৰিব পাৰিম― ৰাচেলে মনৰ ভিতৰত কথাবোৰ পাগুলিব ধৰিলে। মেক গনেগালে কোৱা এমাৰচনৰ যাদুকৰী কথাষাৰৰ অৰ্থ ৰাচেলে হৃদয়ংগম কৰিব পাৰিলে। লগে লগে আশাৰ নতুন কিৰণে তেওঁৰ মনটো পোহৰাই তুলিলে। এক অজান শক্তিয়ে ৰাচেলৰ দেহ-মন সঞ্জীৱিত কৰি তুলিলে। জীৱনলৈ ৰাচেলৰ নতুনকৈ মোহ উপজিল। নিজক আকৌ ভাল পাব ধৰিলে। ৰাচেলে জীৱনত কি হেৰুৱালে তাক পাহৰি নতুনকৈ কি কি পাৰে তাৰহে আঁচনি প্ৰস্তুত কৰিলে। আৰু তাৰ পিছত? ৰাচেলে হাত দুখন হেৰুৱালে ঠিকেই, কিন্তু তাৰ বিনিময়ত তেওঁ যি লাভ কৰিলে তাক বুজাবলৈ মাত্ৰ এটা শব্দয়েই যথেষ্ট― বিস্ময়।
ৰাচেলে কি কৰিশ্মা কৰিলে আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে। তেন্তে শুনক― ৰাচেলে প্ৰথমে এখন সেনাৰ বিষয়ে নিৰ্মিত চিনেমাত অভিনয় কৰিলে। তাৰ পিছত তেওঁ বস্তন বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰি স্নাতক ডিগ্ৰী লাভ কৰিলে। ১৯৪৭ চনত ‘The Best Years of Our Lives’ নামৰ চিনেমাখনত অভিনয় কৰি শ্রেষ্ঠ সহ অভিনেতাৰ একাডেমী বঁটা লাভ কৰিলে। উল্লেখযোগ্য যে, চিনেমাখনত তেওঁ কৰা চৰিত্ৰটোই বিশ্বৰ বাধাগ্ৰস্তসকলক ইমানেই প্ৰভাৱিত আৰু প্ৰেৰিত কৰিছিল, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটাৰে সন্মানিত কৰিবলৈ এটা নতুন বঁটাৰেই সৃষ্টি কৰা হৈছিল। অস্কাৰৰ বুৰঞ্জীত তেৱেঁই একমাত্ৰ অপেছাদাৰী অভিনেতা যিয়ে অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাচেলৰ অভিনয় দেখি প্ৰখ্যাত নিৰ্দেশক উইলিয়াম উইলাৰে “the finest performance I have ever seen on the screen.” বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছত ৰাচেলে ১৯৪৯ চনত লিখি উলিয়ালে ‘Victory In My Hands’ নামৰ জগত-খ্যাত আত্মজীৱনীখন। তাৰ পিছত তেওঁ AMVETS নামৰ আমেৰিকাৰ এটা স্বেচ্ছাসেৱী অনুস্থানৰ মূৰব্বী হিচাপে তিনিটা কাৰ্যকালৰ বাবে নেতৃত্ব বহন কৰিলে। ১৯৬০ৰ দশকৰ আৰম্ভণিৰ পৰা ১৯৮০ৰ দশকৰ শেষলৈ ৰাচেলে প্ৰতিবন্ধীসকলৰ নিযুক্তিৰ ওপৰত ৰাষ্ট্ৰপতিৰ আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিলে। ১৯৬৫ চনত আমেৰিকান একাডেমী অফ এচিভমেণ্টৰ গ’ল্ডেন প্লেট বঁটা লাভ কৰে। ১৯৮১ চনত তেওঁ দ্বিতীয়খন আত্মজীৱনী ‘Best Years of My Life’ প্ৰকাশ কৰে। তদুপৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বক্তৃতা দিবলৈ তেওঁ আমন্ত্ৰিত হয়।
“আপুনি হেৰুওৱা সকলোবোৰৰ বাবে আপুনি অন্য কিবা লাভ কৰিছে।”― ৰাচেলৰ দৃষ্টিত এমাৰচনৰ এইটো কেৱল এটা উক্তিয়েই নাছিল, আছিল বিধস্ত জীৱনটো পুনৰনিৰ্মাণ কৰিব পৰা এটা বিস্ময় শক্তিস্বৰূপ, মোহভংগ জীৱনটো অপৰিমেয় প্ৰেমেৰে উজলাই তুলিব পৰা দিপ্তীস্বৰূপ। ৰাচেলৰ দৃষ্টিভংগী সলনি হ’ল। এই নতুন দৃষ্টিভংগীয়ে অখ্যাত আমেৰিকান সেনা ৰাচেলক দিলে গগণচুম্বী খ্যাতি। যি খ্যাতি তেওঁ সম্পূৰ্ণ সুস্থ হৈ থাকোঁতেও অর্জন কৰিব পৰা নাছিল, সেই খ্যাতি তেওঁ লাভ কৰিলে হেৰুওৱা হাত দুখনে কঢ়িয়াই যন্ত্ৰণাৰ সন্মুখীন হৈ। সেইবাবেই তেওঁ কৈছিল― “It is not what you have lost, but what you have left that counts.” তেওঁ অকপতে স্বীকাৰ কৰিছিল যে, হাত দুখন থকাহেঁতেন সিমানখনি সুন্দৰ সম্পদ তেওঁ গোটাব নোৱাৰিলোঁহেঁতেন, যিমানখনি গোটাব পাৰিলে হাত দুখন হেৰুৱাই।
ৰাচেলৰ প্ৰেৰণাদায়ক জীৱন-কাহিনীয়ে মানৱ সমাজক আলোড়িত কৰি থাকিব যুগ যুগান্তৰলৈ। আৰু এই কাহিনী পঢ়ি আপুনিও জানো নক’ব এয়াই যন্ত্ৰণা ভোগৰ আনন্দ বুলি?