যদি সন্তানক সন্মান কৰিবলৈ শিকা নাই
ৰিতু ভৰালী,যোৰহাট
আপুনি আপোনাৰ সন্তানক যেনেকৈ ব্যৱহাৰ কৰিব,ভৱিষ্যতে আপোনাকো সেই একেই ব্যৱহাৰ কৰিব।কাৰণ আপোনাৰ পৰাই সকলো তেওঁলোকে অনুকৰণ কৰিব।যদি আপুনি ৰাতিপুৱা শুই উঠি গা ধুই ঈশ্বৰ সেৱা কৰিবৰ বাবে গোহাঁই ঘৰত সুমাইছে,গোঁসাই ঘৰৰ পৰা ওলাই জ্যেষ্ঠজনক সেৱা ধৰিছে,তেনে আপোনাৰ সন্তানেও ভৱিষ্যতে একেই নীতি-নিয়মেই পালন কৰিব।এটা কথা জানি থ’ব- যি মানুহে আধ্যাত্মিক দিশ এটাত নিজকে ধৰি ৰাখিছে,সেইখন ঘৰত সদায় ঈশ্বৰে বাস কৰে।ঘৰখন মন্দিৰ সদৃশ হৈ উঠে।আচলতে পবিত্ৰ মনতে ঈশ্বৰে বাস কৰে।
ৰাতিপুৱা শুই উঠি আহোঁতে কেতিয়াও খং কৰি উঠিব নালাগে।এনে কৰিলে দিনটো অশুভ হয় লগতে কামবোৰ সিদ্ধি হোৱাত বাধা আহে আৰু এটা কথা কি জানে -আপুনি যদি পুৱা-গধূলি সন্তানক কেৱল গালিকে দি থাকে,কথাই প্ৰতি খং কৰি থাকে,কেৱল ভুলকে দেখি থাকে, হকে-বিকহে প্ৰতিটো ক্ষেত্ৰতে বাধা প্ৰদান কৰি থাকে, তেনে তেওঁলোকৰ মনবোৰ অস্থিৰ হৈ এদিন বিপথে পৰিচালিত হ’বই।গতিকে খং কৰি কোৱাতকৈ কথাবোৰ বুজাই দিব পাৰিব লাগে।
এতিয়া আধুনিক যুগ।এই যুগৰ নেগুৰত ধৰি খোজ লওঁতে লওঁতে সমাজে এফালৰ পৰা সকলো হেৰুৱাই পেলাইছে।আনকি নিজে জন্ম দিয়া সন্তানো হৈ পৰিছে পত্নী।ইয়াৰ দায়ী আচলতে কোন নিজে ভাবি চাওকচোন।ইয়াৰ বহু কাৰণ আছে তাৰ ভিতৰত সাজ-পোছাকো এক অন্যতম কাৰণ।আধুনিকতাৰ সোঁতত একাংশ ছোৱালীয়ে উলংগ সদৃশ কাপোৰ পৰিধান কৰিবলৈ ধৰা দেখা যায়।আচলতে এয়া অৰ্ধনগ্ন।ভুল আচলতে সন্তানৰ নহয়।ভুল মাক-দেউতাকবোৰৰ,যিয়ে শিশুক সৰুৰে পৰা অৰ্ধনগ্ন পোছাক পিন্ধিবলৈ সুবিধা কৰি দিছে।এনে পৰিবেশত অন্য নেলাগে নিজৰ পিতৃজনো হৈ পৰে ভাবুক।হিতাহিত জ্ঞান হেৰুৱাই,আলিংনৰ মেৰপাকত নিজৰ সন্তানকো পাহৰি যায়।জন্ম হয় নিৰ্যাতনৰ।বলি হয় সন্তানৰ।
কিছুমান কথা এটা সীমাৰ ভিতৰত ৰাখিব লাগে।প্ৰায়ে দেখা যায় কিছু সন্তানে মাক-দেউতাকৰ লগত এনে কিছুমান কথা শ্বেয়াৰ কৰে,যিটো আচলতে পত্নী গৰাকীৰ লগতো কৰা নহয়।হয়,মাক-দেউতাক সন্তানৰ লগত বন্ধু সুলভ হ’ব লাগে কিন্তু ইমানো সীমাৰ পৰা বাহিৰ হৈ কথা কোৱাৰ সুবিধা কৰি দিব নালাগে।য’ত সন্তানে মাক-দেউতাককে সন্মান কৰিবলৈ পাহৰি যায়।
মানুহে সদায় কাষৰীয়া তথা ওচৰ-চুবুৰীয়াৰ খেল-সমাজৰ লগত থাকিব লাগে।কাৰণ বিপদে-আপদে সদায় ওচৰ চুবুৰীয়াৰ পৰাহে সঁহাৰি পোৱা যায়।দূৰৰ মানুহক কিন্তু তৎক্ষণাত পোৱা নাযায়।এই শিক্ষা সদায় সন্তানক শিকাই যাব লাগে লগতে মাক-দেউতাকে সদায় সন্তানক ওচৰ-চুবুৰীয়াৰ লগত মিলা-প্ৰীতিৰে থাকিবলৈ শিকাব লাগে।বাটে-পথে লগ পোৱা মানুহক মাত একাষৰ দিবলৈ শিকাব লাগে। কাৰণ আপোনাৰ মাতষাৰে দ্বিতীয় জনৰ অন্তৰত ঠাই লয়।এটা কথা কি জানে-আপোনাৰ মাতষাৰে আপোনাকেই মহান কৰে।
দয়া,মমতা এইবোৰ আজিকালি অলাগতিয়াল শব্দৰ দৰে হৈ পৰিছে।কাৰণ ঘৰখনৰ পৰাই সন্তানে ভাল আৰু বেয়া কথাবোৰ শিকে।যদি আপুনি ঘৰলৈ সহায় বিচাৰি অহা মানুহজনক খেদি পঠাইছে,তেনে আপোনাৰ সন্তানেও খেদিয়েই পঠাব।যদি সহায় কৰি আহিছে তেনে আপোনাৰ সন্তানো এই ক্ষেত্ৰত আপোনাৰ দৰেই হ’ব।অসমীয়াত এষাৰ কথা আছে – “আগৰ গৰু যেনি যায়,পাছৰ গৰু তেনিয়েই যায়।”গতিকে সন্তানক এনে দিশ দিয়ক যে ভৱিষ্যতে মানুহে তেওঁলোকক আমানুহ বুলি নকয়।
আপোনাৰ সামৰ্থ্য কিমান সেয়া আপোনাৰ বাহিৰে কোনেও নাজানে।কিন্তু তাৰ মাজতো এটা কথা থাকে।অৰ্থাৎ আপুনি সন্তানৰ প্ৰয়োজনখিনি পুৰাব পাৰে বুলিয়েই অথবা সন্তানে দুখ পাব বুলিয়েই সন্তানে যি বিচাৰে তাকেই তৎক্ষণাত দি নিদিব।কাৰণ অভাৱ নোপোৱা ল’ৰা-ছোৱালীয়ে ভৱিষ্যতে অভাৱ সহ্য কৰিব নোৱাৰে।যাৰ ফলত সন্তানৰ সু-দিনত মাক-দেউতাক এদিন মৃত্যুৰ বলি হোৱা আজিৰ তাৰিখত এক দৈনন্দিন ঘটনা।গতিকে ভৱিষ্যত প্ৰজন্মৰ ওচৰত আপুনি আদৰ্শ পিতৃ-মাতৃ হৈ উঠক। গতিকে তাৰ বাবে লাগিব সাধনা।সৎ পথৰ সাধনা,সৎ কামৰ সাধনা,সৎ পৰিবেশৰ সাধনা।কেতিয়াবা এনকৈও ক’বলৈ মন যায়, এই যে কবিয়ে কৈছিল —
“মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম
ক’ত??”
সেইবাবেই কৈছোঁ,আপুনি কোন হয়?কোন আছিল?সেয়া কেৱল উত্তৰ প্ৰজন্মই ক’ব।গতিকে এনে কিছু কাম কৰক,যাক সমাজে কাম বুলি স্বীকৃতি প্ৰদান কৰিব।নিজকে এনে ঠাইত ৰাখি থৈ যাওক,যাতে দহৰ মুখত কেৱল আপোনাৰ কৰ্ম আদৰ্শৰে বান্ধ খাই থাকে।
