যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ স্মৃতি দিৱস পালন মাজুলী মহাবিদ্যালয়ত
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এজন আগশাৰীৰ অৰ্থনীতিবিদ, সাহিত্যিক, সাংবাদিক, অধ্যাপক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ দ্বাদশ মৃত্যু দিৱস উপলক্ষে আজি মাজুলী মহাবিদ্যালয়ত এখন বিশেষ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি-ষড়ংগত অনুষ্ঠিত সভাৰ আৰম্ভণিতে প্ৰয়াত শিক্ষাবিদজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। ইয়াৰ পিছতেই গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাসে সকলোকে আদৰণি জনায়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াই প্ৰয়াত বৰগোহাঞিৰ ব্যক্তিত্বৰ এক চমু আলোকপাত কৰি গ্ৰন্থদান মহান দানেৰে যতীন্দ্ৰ কুমাৰ বৰগোহাঞি চিৰদিন ধৰি অমৰ হৈ থাকিব বুলি অভিহিত কৰে। আন এজন বিশিষ্ট অতিথি তথা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই যতীন্দ্ৰ কুমাৰ বৰগোহাঞিক লগ পোৱাৰ সময়ৰ স্মৰণ কৰি তেখেতৰ ব্যক্তিত্বৰ জ্যোতিয়ে ছাত্ৰ-ছাত্ৰীসকলক চিৰদিন আলোকিত কৰি ৰাখিব বুলি উল্লেখ কৰে। নিজৰ বক্তব্যত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই শিক্ষক হিচাপে যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পাণ্ডিত্য আৰু আপোচবিহীন মানসিকতাৰ কথা স্মৰণ কৰি দৰিদ্ৰ জনতাৰ সহায়ৰ বাবে অধ্যাপকৰ দৰে চাকৰি ত্যাগ কৰি জনসাধাৰণৰ মাজলৈ অহা শিক্ষাবিদজনৰ মানৱীয়তাৰ প্ৰসংগৰ এক আলোকপাত কৰে। লগতে গ্ৰন্থসমূহ দান কৰাৰ সময়ত পৰিয়ালৰ লগত হোৱা সৌহাদ্যতাৰ বিষয়ে আলোচনা কৰি এই মহান দানৰ বাবে মহাবিদ্যালয় পৰিয়াল চিৰদিন দাতা পৰিয়ালবৰ্গৰ ওচৰত কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, বিশিষ্ট সমাজকৰ্মী- মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা, অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, ইন্দিৰা বড়া, ডঃ দুলাল হাজৰিকা, অপূৰ্বজ্যোতি হাজৰিকা, প্ৰণৱজ্যোতি বৰা, নৱ দাস, অনন্যা বৰুৱা, ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, ডঃ অৰূপ বুঢ়াগোহাঁই, কংকন বৰদলৈ,ডঃ দিগন্ত হাতীবৰুৱা, অভিনৱ শংকৰ গোস্বামী, পানীগাঁও অ’ পি ডি মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ বি ডি নিশা, প্ৰাক্তন ছাত্ৰ পাপুল শইকীয়া, কাৰ্যালয়ৰ জেষ্ঠ সহায়ক পদ্মধৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত শিক্ষাবিদজনৰ মহানুভৱতাক স্মৰণ কৰে। উল্লেখযোগ্য যে বিশিষ্ট অৰ্থনীতিবিদজনৰ বিয়োগত তেখেতৰ পৰিয়ালবৰ্গই ব্যক্তিগত পুথিভঁৰালৰ ছহেজাৰৰো অধিক কিতাপ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়াৰ লগতে মাজুলীৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক অশেষ উপকাৰ সাধন কৰে। ইতিমধ্যে এই বদ্যানতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মাজুলী মহাবিদ্যালয়ে গ্ৰন্থাগাৰৰ এটি কক্ষ ‘যতীন্দ্ৰ কুমাৰ বৰগোহাঞি স্মৃতি ষড়ংগ’ নামেৰে নামকৰণ কৰি প্ৰতিবছৰে ১৮ ডিচেম্বৰ তাৰিখটো তেখেতৰ স্মৃতি-দিৱস হিচাপে পালন কৰি আহিছে ।