মৰিয়ম আষ্টিন আৰু হীৰা বৰুৱা নামৰ গল্প সংকলন খন-মুন শৰ্মা

Pc Amazone.in
গ্ৰন্থ আলোচনা:-
মৰিয়ম আষ্টিন আৰু হীৰা বৰুৱা নামৰ গল্প সংকলন খন
অসমীয়া সাহিত্য জগতৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক  তথা  বাস্তৱধৰ্মী গল্প উপন্যাস ৰচনা কৰি  অসমৰ পঢ়ুৱৈ সমাজত এক সুকীয়া স্থান অধিকাৰ কৰা  বিশিষ্ট সাহিত্যিক হ’ল  শ্ৰদ্ধাৰ অৰূপা পটংগীয়া কলিতা বাইদেউ। তেখেতৰ বহু কেইখন বহুল ভাবে জনপ্ৰিয় কিতাপৰ ভিতৰত এখন অন্যতম কিতাপ হ’ল ২০১৪ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা গল্প সংকলন মৰিয়ম আষ্টিন আৰু হীৰা বৰুৱা।
   কল্পনাপ্ৰৱণতা আৰু সৃষ্টিশীলতাৰ বৈচিত্ৰ  সুন্দৰ ভাৱে প্ৰতিফলিত কৰা গল্প পুথি খনৰ প্ৰতিটো গল্পত আছে পৰিবৰ্তনশীল সমাজৰ এক বাস্তৱ ৰূপ। শক্তিশালী লিখনশৈলীৰে দ্বাৰা সৰল ভাষাত ৰচনা কৰা সংকলন খনৰ গল্প সমূহক মানৱ জীৱনৰ দাপোন বুলি কলেও ভুল কোৱা নহয়।
     দহটা অধ্যায় থকা গল্প সংকলন খনত  আশ্ৰয়,শিল পৰা কপৌ, স্বাৰ্থপৰ নহয়,ভঙা চাইকেলত বান্ধি থোৱা দা, পুত্ৰ বাবে এটা গৰম জেকেট, আৰ্চি, মাজ নিশা সোমোৱা আধা পুৰা গাড়ী খন, শুভ দিন, তাল গছৰ পুলি লগোৱা মানুহ জন, বৃন্দা খুৰীৰ হাতৰ একাপ কফি, মনোমোহা আৰু অতি কৰুণ কাহিনী হৈছে “নিজৰা” আদি  সুন্দৰ মনোৰম গল্পৰে ভৰাই থকা এই কিতাপ খনৰ    প্ৰতিটো গল্পতে লেখকে বিভিন্ন ৰুচিৰ পঢ়ুৱৈৰ অন্তৰ অন্ত স্পৰ্শ  কৰিব তাত কোনো দ্বিমত নাই।
   এই সমূহৰ উপৰিও সংকলন খনৰ দশম অধ্যায়ত গ্ৰন্থ খনৰ মূল নামৰে ৰচিত আছে এটা গল্প।যত লেখকে দুগৰাকী নাৰীৰ বিষয়ে বৰ্ণনা কৰিছে।  হীৰা বৰুৱাই মোমায়েকে প্ৰায়েই কোৱা মৰিয়ম আষ্টিনৰ কাহিনী শুনি নিজৰ মনত এজনী মহান নাৰীৰ ঠাই দিছিল কিন্তু তাই ভবাই নাছিল তাইৰো যে অৱস্থা এটা সময়ত  মৰিয়মৰ দৰেই হ’ব। অৰ্থাৎ সকলো থকাৰ পিছতো স্বামী মৃত্যুৰ পাছত সকলো থকাৰ পাছতো  নিসংগ আৰু অকলশৰীয়া হৈ দুখ বেজাৰ বিৰহ যন্ত্ৰণাৰ উপচি পৰি এজনী কুকুৰৰ লগত  কটাব লাগিব জীৱনৰ অন্তিম সময়চোৱা। তাকেই গল্প ৰূপ দি গল্পটোৰ দ্বাৰা এজনী নাৰীয়ে সমাজত নিসংগ যেতিয়া হয় তেতিয়া কেনে ধৰণ সমস্যাৰ মুখামুখি  হয় তাক বৰ্ণনা কৰিছে।
 অন্যহাতে প্ৰতিটো গল্পই অনুপম বুলি ক’ব পৰা সংকলন খনৰ কেইটামান গল্প অৰ্থাৎ আশ্ৰয় গল্পটোত  জাপানে চীন আক্ৰমণ কৰাৰ সময়ত জাপানী সকলে কেনেকৈ চীনৰ মহিলা সকলৰ উপৰত নিৰ্যাতন চলাইছিল তাক দেখুৱাইছে। “শিল পৰা কপৌ” গল্পত সাম্প্ৰতিক সমাজত নাৰীৰ উপৰত হৈ থকা বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ তাক উপস্থাপন কৰিছে। পুত্ৰৰ বাবে এটা গৰম জেকেট গল্পটোত এগৰাকী মাতৃৰ পুত্ৰৰ প্ৰতি থকা মৰম ভালপোৱা প্ৰকাশ পাইছে। আকৌ “আৰ্চি” গল্পটোত বিভিন্ন গণমাধ্যমত প্ৰকাশ পোৱা খবৰে আমাৰ মাজত কেনকুৱা প্ৰভাৱ পেলায় তাক  দেখুৱাইছে।
    গ্ৰন্থ খনৰ পঞ্চম অধ্যায়ত থকা গল্প চহৰ খনত “মাজ নিশা সোমোৱা আধা পুৰা গাড়ী খন” নামৰ গল্পটোত আমাৰ  সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশৰ  এক কৰুণ চিত্ৰ আঁকি  বন্ধ সংস্কৃতিৰ বিষয়ে কিছু কথা ক’বলৈ চেষ্টা কৰিছে। ঠিক তেনেদৰেই শুভ দিন গল্পটোত  এখন সমাজৰ দুখীয়া মানুহ খিনিৰ  দুখলগা জীৱনৰ অন্তত চুই যোৱাকৈ উপস্থাপন কৰিছে ।
    মূলত নাৰীক মূল বিষয় হিচাপে গল্প, উপন্যাস লিখা  তেখেতৰ এই খন গ্ৰন্থতো সমূহ গল্পৰ অধিক খিনিয়ে মূলত নাৰী কেন্দ্ৰীয় গল্প যাৰ দ্বাৰাই তেওঁ চিনাকি দিছে অসমীয়া সাহিত্যৰ এগৰাকী উচ্চ নাৰীবাদী, আৰু ব্যতিক্ৰমী সাহিত্যিক বুলি।
      মুন শৰ্মা,লখিমপুৰ