মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত
ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই কিবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কেবিনেট বৈঠকখনত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহৰ বিষয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এপ্ৰিল মাহত মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “৩১ লাখ মহিলা ‘মহিলা উদ্যমিতা আঁচনি’ৰ বাবে উপযুক্ত বুলি তথ্য লাভ কৰিছে চৰকাৰে। অসম চৰকাৰে ২৭ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। আগন্তুক কেইটামান দিনৰ ভিতৰত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ’ব।”এই আঁচনিৰ বাবে কেবিনেটে ২০০০ কোটি টকা অনুমোদন জনাইছে । একেদৰে মৰিগাঁৱৰ আৰ্থ সামাজিক বিকাশৰ বাবে ২৭০ কোটি টকাৰ অনুমোদন জনাই এই কেবিনেটে।বালিমুখীৰ পৰা শিলগুটি পথলৈ ৭০লাখ টকা অনুমোদন। মৰিগাঁও নগৰৰ নলা নিষ্কাষণৰ বাবে ৫৫কোটি টকা অনুমোদন। জোনবিল মেলাৰ মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা অনুমোদন। ইলোৰাম দাস আতাৰ নামত নিৰ্মাণ হ’ব প্ৰেক্ষাগৃহ। মৰিগাঁৱৰ আৱৰ্ত ভৱনৰ বাবে ১৫ কোটি টকা অনুমোদন। মৰিগাঁৱত প্ৰেক্ষাগৃহৰ বাবে ২০ কোটি টকা অনুমোদন। জিলাখনৰ কেইবাখনো পুৰণি শিক্ষানুষ্ঠানৰ বাবে ৮কোটি টকাকৈ ধাৰ্য। জিলাখনৰ বহুকেইখন কলেজলৈ ৫ কোটি টকাকৈ আৱণ্টন দিলে কেবিনেটে। এহাজাৰ বিঘা ভূমিত নিৰ্মাণ হ’ব আৰু এটা প্ৰকল্প ।পঞ্চায়ত নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যিদিনাই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা শেষ হ’ব, তাৰ পিছতেই পঞ্চায়ত নিৰ্বাচন পাতি দিম। বিজেপি চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত মাইক বাজি থাকিব সেয়া কংগ্ৰেছে কৰিব পাৰে আমি নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। এই কেবিনেট বৈঠকত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, অজন্তা নেওগ আদি উপস্থিত থাকে।