মৰাণৰ বামুণবাৰীত সৰ্বানন্দ সোনোৱালৰ হৈ গীত গাই নিৰ্বাচনী প্ৰচাৰ চলালে শিল্পী চাজন নায়কে
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ ১৬০ চাহ বাগিচাৰ ৬ সহস্ৰাধিক লোকৰ আগত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ দিয়ে ডিব্ৰুগড় লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালে। ৰাইজে তিতিবুৰী সৰ্বানন্দ সোণোৱালৰ ভাষন শুনি থকা দেখি মঞ্চত ৰৈ থাকিব নোৱাৰিলে মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা। ডিব্ৰুগড় লোকসভা সভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । জনপ্ৰিয় কণ্ঠশিল্পী চাজন নায়কে টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ বামুণবাৰী চাহ বাগিছাত গীত গাই সৰ্বানন্দ সোনোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে গায়ক গৰাকীয়ে। মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা, ৰাজ্যিক চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে বিজেপি দলৰ বহুকেইজন নেতাই সভাত অংশগ্ৰহণ কৰে । মৰাণৰ বামুণবাৰীত বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত ১৬০ খন চাহ বাগিচা লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশাল প্ৰচাৰ সভা ৷ সভাত উপস্থিত থাকি ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্নয়নৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাত ৰামেশ্বৰ তেলীয়ে ভাষণ প্ৰদান কৰি তেলীৰ হৈ সৰ্বানন্দ সোনোৱালক ভোট দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰতিকুল বতৰকো নেওচি ৬ সহস্ৰাধিক ৰাইজ তিতিবুৰী সৰ্বানন্দ সোণোৱালৰ ভাষন শুনি থকা দেখি মঞ্চত ৰৈ থাকিব নোৱাৰিলে মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰা। নিজৰ সমষ্টিৰ ৰাইজ তিতি থকা দেখি সৰ্বানন্দ সোণোৱাল ভাষন প্ৰদান কৰি থকা সময়তে মঞ্চৰ পৰা নামি তিতি থকা ৰাইজক সহযোগ কৰি তিতি থকা বিৰল দৃশ্য সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।