মৰাণত লুৰিণজ্যোতি গগৈৰহৈ নিৰ্বাচনী প্ৰচাৰ চলালে জিতেন্দ্ৰ সিং,ভূপেন বৰা, পবন সিং ঘাটোৱাৰ, অখিল গগৈয়ে
এম হাছিম আলী,ডিব্ৰুগড়.ৰঙিলী বাৰ্ত্তাসেৱা- ‘বিৰোধী ঐক্যমঞ্চ অসম’ৰ বহুকেইগৰাকী নেতাক লগত লৈ মৰাণত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ, সোণোৱাল কছাৰী গণ মঞ্চৰ সাধাৰণ সম্পাদক গোপাল সোণোৱালে । মৰাণৰ তিলৈত কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিং, এ আই চি চিৰ সম্পাদক পৃথ্বীৰাজ চাথে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ আৰু বহুকেইগৰাকী নেতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলালে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । দুই সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী সভাত আনুষ্ঠানিকভাৱে বিৰোধী ঐক্য মঞ্চত যোগদান কৰে সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ কেন্দ্ৰীক ৰাজনৈতিক দল ‘সোণোৱাল কছাৰী গণ মঞ্চ’ই । ‘সোণোৱাল কছাৰী গণ মঞ্চ’ৰ সাধাৰণ সম্পাদক গোপাল সোণোৱালক আদৰনি জনায় বিৰোধী ঐক্য মঞ্চই। অখিল গগৈয়ে তেঁওৰ ভাষণত বিৰোধীৰ চৰকাৰ আহিলে লুৰিণ জ্যোতি গগৈ কেন্দ্ৰীয় মন্ত্ৰী হ’ব বুলি কয় । লুৰীণজ্যোতি গগৈক ভোট দিবলৈ আহ্বান জনাই পুনৰ কয় যে নতুন ৰাজনৈতিক দল খোলাৰ কথা । নিৰ্বাচনৰ পিছতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগ হৈ নতুন আঞ্চলিক দল খুলিব বুলি ঘোষনা কৰে অখিল গগৈয়ে। ইফালে, ৰাইজক সম্বোধন কৰি নিজৰ ভাষণত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিং আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।অসমীয়াৰ লগতে হিন্দী ভাষাত ৰাইজক উদ্দেশ্যি ভাষণত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে লুৰীণজ্যোতি গগৈ । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ আগত ৰাহুল গান্ধী প্ৰধান মন্ত্ৰী হব বুলি মন্তব্য প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ।সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ১০০ দিনৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী হব বুলি মন্তব্য প্ৰদান কৰে ভূপেন বৰা লুৰীণজ্যোতি গগৈ, ভূপেন বৰা,জিতেন্দ্ৰ সিং আদি নেতা সকলে।