মৰম এনেকুৱাই
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
হাজবেণ্ডক ৰাতিপুৱা কৈছিলো, মোৰ বৰ চকলেট খাব মন গৈ আছে, আনি দিব?
তেওঁ হাঁহি হাঁহি কৈছিল, চকলেট বাচ্ছা বোৰে হে খাই।খং কৰি মাৰ ঘৰত গুছি আহিলো । দেউতাক ক’লো চকলেটৰ কথা, এঘণ্টাৰ পিছতে এগালমান চকলেট আনি দিছে দেউতাই।
এই কাৰণেই বোধহয় মানুহে কয় “প্ৰতিজনী ছোৱালী নিজৰ দেউতাৰ বাবে ৰাজ কুমাৰী হয়।” সন্ধিয়া হাজবেণ্ডৰ ঘৰলৈ গুচি আহিলো।ৰাতি হৈ পৰিছে, তেওঁ ঘৰলৈ অহা নাই।বিছনা খনতে বাগৰ দিব লওতে দেখিলোঁ এটা সৰু কাগজ। গোটা গোটা আখৰেৰে লিখা আছিল “
“তুমি এনেদৰে সৰু হৈয়েই থাকিবা, মৰম লাগে তোমাক। খং কৰিছাঁ মোক? মোৰ ভাল লাগে তুমি খং কৰিলে।
খং, অভিমান যিমানেই বাঢ়িব, সম্পৰ্কটো সিমানেই মজবুত হৈ পৰিব। চাদত আহিবা দেই পোৱালী, অপেক্ষা কৰিম”
এক দৌৰত ছাদ পালোগৈ। পাগল টোৱে ধুনীয়াকৈ সজাই ৰাখিছে, গোলাপ ফুলৰ bouquet এটা লৈ ৰৈ আছিল।
টেবুল খনত চকলেটৰ হিচাপ নাই। সঠিক জীৱন সংগী পালে , স্বামীৰ মৰম, ভালপোৱাই স্ত্ৰীক ৰাজৰাণী কৰি তোলে।
প্ৰতি জনী ছোৱালীৰ কাৰণে দেউতাকে যেনেকৈ সকলো কৰিব পাৰে এজন প্ৰকৃত আৰু মৰমিয়াল স্বামী থাকিলে কেতিয়াও দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিয়ে। সদায় দেউতাৰ দৰে মৰম আৰু ভালপোৱা দিবলৈ চেষ্টা কৰে। চকলেট টো এটা উদাহৰণ মাথোঁ।