মৌমিতা দেৱনাথৰ ন্যায় প্ৰদানৰ দাবীত এআইডিএচঅ’ৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ট্ৰেইনি ডাক্তৰগৰাকীক যোৱা ৯ আগষ্ট তাৰিখে নৃশংস ধৰ্ষণ আৰু হত্যা কৰাৰ লোমহৰ্ষক ঘটনাৰ বিৰুদ্ধে আজি গুৱাহাটীৰ ছাত্ৰ, মহিলা আৰু যুৱকসকল গৰ্জি উঠে। ছাত্ৰ সংগঠন এ আই ডি এছ অ’, মহিলা সংগঠন এ আই এম এছ এছ আৰু যুৱ সংগঠন এ আই ডি ৱাই অ’ৰ উদ্যোগত আজি এই জঘন্য পাশৱিক ঘটনাৰ তীব্ৰ নিন্দা জনাই আজি গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰী , মহিলা আৰু যুৱক – যুৱতীসকল আবেলি ৫ বজাত মণিপুৰী বস্তীৰ পৰা প্ৰতিবাদত সোচ্চাৰ হৈ ৰাজপথত ওলাই আহি সকলো অপৰাধীক অবিলম্বে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। মণিপুৰী বস্তীৰ পৰা নেপালী মন্দিৰ লৈকে প্ৰতিবাদী সমদলে আগ বাঢ়ি থাকোতে প্ৰতিবাদকাৰীসকলে ” ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক , নাৰী হত্যা – ধৰ্ষণ বন্ধ কৰক , কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ছাত্ৰীগৰাকীৰ নৃশংস ধৰ্ষণ আৰু হত্যাৰ লগত যুক্ত অপৰাধীসকলক ফাঁচী দিয়ক , ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ যোগেদি নাৰীৰ ওপৰত আক্ৰমণৰ সকলো ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰক , ধৰ্ষণ আৰু হত্যাৰ বলি আৰ জি কৰ মেডিকেল কলেজৰ ছাত্ৰীগৰাকীৰ পৰিয়ালক ন্যায় দিয়ক , আৰ জি কৰৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰমাণ নোহোৱাৰ কৰাৰ চক্ৰান্তকাৰীসকলক গ্ৰেপ্তাৰ কৰক ” আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এ আই এম এছ এছ’ৰ ৰাজ্যিক সভাপতি ডাঃ চিত্ৰলেখা দাসে আৰ জি কৰ মেডিকেল কলেজত সংঘটিত পাশবিক ধৰ্ষণ আৰু হত্যাৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় যে এই ঘটনাৰ নিন্দা জনোৱাৰ বাবে ভাষা নাই। তেওঁ সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰি ফাৰ্ষ্ট ট্ৰেক ক’ৰ্টৰ যোগেদি বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দুস্কৃতিকাৰীসকলৰ ফাঁচী দিয়াৰ দাবী জনায়। তেওঁ আৰু কয় যে চৰকাৰী মদতত পৰ্ণোগ্ৰাফী আৰু মদ -ড্ৰাগছৰ ব্যাপক প্ৰচলন থকা লৈকে ছাত্ৰী তথা মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত নহয়। অসমতো প্ৰতিদিনে মহিলাসকলৰ ওপৰত নাৰকীয় আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে। তেওঁ জঘন্য নাৰী জনিত অপৰাধৰ উৎস উৎখাত কৰাৰ লগতে সাংস্কৃতিক আন্দোলনৰ যোগেদি ছাত্ৰ যুৱকসকলৰ মাজত উন্নত ৰুচি সংস্কৃতি গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়। এ আই ডি ওৱাই অ’ৰ ৰাজ্যিক উপসভাপতি জিতেন্দ্ৰ চলিহা আৰু এ আই ডি এছ অ’ৰ ৰাজ্যিক সভাপতি প্ৰজ্জ্বল দেৱে কয় যে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ পৰিৱৰ্তে পশ্চিমবঙ্গ চৰকাৰে অপৰাধীসকলক ৰক্ষণাবেক্ষণ দি আছে আৰু এনেকি প্ৰমাণ নষ্ট কৰাৰ বাবে কৰা চক্ৰান্ত আৰু আক্ৰমণক প্ৰতিহত নকৰি নীৰৱ সমৰ্থন আগবঢ়াইছে। আনপিনে আন্দোলনকাৰীসকলৰ ওপৰত অমানৱীয় নিৰ্যাতন নমাই আনিছে । অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ এই চৰকাৰক বাধ্য কৰিবলৈ সমগ্ৰ দেশতে তীব্ৰ গণআন্দোলন গঢ়ি তোলাৰ বাবে তেওঁলোকে আহ্বান জনায়।