মৌনতাত অন্ধ মানৱতা
জেফলিন চুলতানা
ধিং বৰী পথাৰ (নগাঁও)
কেঁচাতেজৰ সোৱাদ লোৱা
এদল নৰপিশাচ
মৌনতাত অন্ধ মানৱতা
সংশয়ৰ এক দুৰ্গন্ধভৰা আস্তাৱল
বিশাল আকাশো যেন মৌন.. !!
নাই মুক্ত সতেজ বায়ু ….!!
জ্ঞান-বিজ্ঞান , প্ৰযুক্তিবিদ্যাৰ দেশত
সাপ্ৰদায়িকতাই অজ্ঞানতা
পানীৰ দৰত বিক্ৰী হয় বিবেক , বিবেচনা
প্ৰাত্যহিক্ নিগনিৰ দৌৰত দৌৰে একাংশ খবৰদাতা
সংবেদনশীলতাৰ ঘাটত যেন
লহপহকৈ বাঢ়িছে ছাইৰঙী অবিশ্বাসৰ কঠীয়া ।
জীৱশ্ৰেষ্ঠ মানৱৰ মানৱতাই মহানতা
সামাজিকীকৰণে শিকায় বহু কথা ।
এচাম বিচ্ছুৰিত সমাজৰ নিকৃষ্ট স্বাৰ্থত
হোৰা হোৰে যেন নামে অমানৱীয় কাণ্ড
ভয়ংকৰ ব্যাধিৰ সন্ধান
এয়াই নেকি জীৱশ্ৰেষ্ঠ মানৱৰ মানবীয়তা ?
উদস্ত মানৱৰ মানৱতাবিহীন কাৰ্য
দাম্ভিকতাত জগায় বিভেদকামিতা
এয়াই নেকি আমি জীৱশ্ৰেষ্ঠ ?
য’ত মানৱতাও প্ৰতিদিনে বিক্ৰী হয় পণ্য সামগ্ৰীৰ দৰে ।
হিংসা ,দাম্ভিকতা , বিভেদকামিতা
যদি এয়াই হয় মানৱৰ অলংকাৰ
কেনেকৈ হ’ব ভেদভাৱ দূৰ ?
এয়া জানো হ’ব ঐক্য সংহতিৰ ছবি ?
এয়া জানো হ’ব আমি জীৱশ্ৰেষ্ঠ মানৱৰ মানবীয় গুণ ?