মোৰ ফাগুন আনিবা তুমি
মুকতাৰ আলী
জেইল ৰ’ড, যোৰহাট
ফাগুন মোৰ প্ৰিয় ন’হলেও
মিতিৰালিৰ চলেৰে
আৱেগৰ ধূলিৰে ধূলীয়া কৰি
মোৰ ফাগুন আনিবা তুমি।
বলীয়া ফাগুনৰ
পছোৱা বলা আবেলিত
প্ৰেমৰ নৈ হৈ আহিবা বৈ,
সংগোপনে প্ৰতিষ্ঠা কৰিবা
প্ৰেমৰ নতুন বেদী।
সৰাপাতৰ নাচোনৰ তালে তালে
ধূলিয়ৰি বাটেদি আহিবা
এজাক সেন্দুৰীয়া আৱেশ লৈ।
ফাগুনী মলয়াত মুগ্ধ কৰি
হিয়াত প্ৰেমৰ বৰষা সিঁচি
পাহি মেলা ৰঙা শিমলুৰ থাপনাত
ফাগুনী ৰাণী হৈ জিৰাবাহি।
ফাগুন মোৰ অপ্ৰিয় হ’লেও
প্ৰিয় কৰি আনিবা তুমি…।