মোৰ প্ৰেমৰ বৰষুণ- মনোজ বৰা

Pc Istock
মোৰ প্ৰেমৰ বৰষুণ
বৰষুণ…
বৰষুণ মোৰ প্রিয়,
বৰষুণ মোৰ প্রিয় সহচৰ,
বৰষুণ মোৰ সুখৰ দিনৰ সহচৰ,
বৰষুণ মোৰ দুখৰ দিনৰ সহচৰ,
বৰষুণ মোৰ চিৰ সহচৰ,
বৰষুণে সাৱতে মোৰ দেহ,
বৰষুণে সাৱতে মোৰ মন,
বৰষুণে চিনি পায় মোৰ দেহৰ প্ৰতিটো ভাঁজ,
মোৰ মনৰ প্ৰতিটো সাঁচ বৰষুণে ঢাকি ধৰে  চকুলো,
চকুলো বৰষুণ হয়…
বৰষুণে কৈ যায় চকুলোৰ বিষাদ গাঁথা,
বৰষুণে গায় যায় বর্ষাস্বপ্নৰ গান,
বৰষুণে ধুই লৈ যায় বিষাদৰ ধুলিয়ৰি বাট,
যি বাটেৰে ৰুণজুন নূপুৰ বজায় বৰষুণে গায় যায়,
ন-অংকুৰিত এবুকু সপোন গান আহ বৰষুণ,
বৰষুণ …..
মোৰ প্ৰেমৰ বৰষুণ ।।
         মনোজ বৰা,যোৰহাট