মোৰ প্ৰিয় ঋতু শৰত
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ সোনাৰি
এটা শান্ত সন্ধিয়া
দিনটোৰ প্ৰচণ্ড গৰম আৰু
ৰাতিলৈ আহিব লগা সামান্য ঠাণ্ডাৰ দোমোজা ।
আহিনৰ পদূলিত ঠিয় হৈ
খেপিয়াই চাওঁ
কুঁৱলীৰ শুভ্ৰ চাদৰৰ আগ ।
মোৰ প্ৰিয় ঋতু শৰত
উৎসৱৰ ৰঙীন আনন্দ আৰু
নিয়ৰ সনা শেৱালীৰ সুবাস
মতলীয়া মন ।
এইয়া যে শৰতৰ আগমন।