মোৰ চিঞৰ কোনে শুনিব – শৈলেন কুমাৰ

মোৰ চিঞৰ কোনে শুনিব

-শৈলেন কুমাৰ, মিৰ্জা

চৌদিশে অমানৱীয় অত্যাচাৰীৰ বিভেষিকা,
কুপ্ৰথা,কুবিচাৰে গ্ৰাস কৰে আজি সমাজ কৰে কুলষিত ৷
সত্যৰ ওপৰত অসত্যৰ অট্টহাস্য,
ন্যায় বিচাৰি সত্যকাই থাকে ককবকাই ৷
আৰু কয় আছে জানো কোনোবা শুনিবলৈ মোৰ চিঞৰ ৷
সমাজ আজি সিহঁতৰ
আনৰ ৰং চাই ভাল পায় ৷
আনফালে অনাহাৰে,
অৰ্ধবস্ত্ৰৰে সত্যকাই ঘুৰি চাই,
মোক কোনে দিব ন্যায়,
কাৰণ ন্যায় কৰা আইৰে আছে চকু ঢাক খাই ৷
জীৱনৰ আধাবেলা পাৰ হয়,
কালৰাত্ৰিৰ ক্ষণত সত্যকাই কয়,
যদিও নুশুনিলে কায়ো মোৰ চিঞৰ,
জীৱনৰ যাত্ৰা সকলোৰে একে ভাই,
নকৰিবা তাচ্ছিল্য,
নিদিবা মিছা অপবাদ,
কালৰ আগত সকলো অসহায়,
জীৱন গ’ল ব্যৰ্থ সচা আৰু মিছাতে জীৱন হৈ পৰিল আবদ্ধ,
অৱশেষত চিঞৰি চিঞৰি সমাজৰ পৰা মই মুক্ত ৷৷