মোৰ কৰ্মজীৱনৰ কিছু অভিজ্ঞতাৰ ডায়েৰী – প্ৰাণ প্ৰতিমা বড়া

মোৰ কৰ্মজীৱনৰ কিছু অভিজ্ঞতাৰ ডায়েৰী

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

এজন আৰক্ষী বিষয়াৰ মহানুভৱতা———

 এটা সঁচা ঘটনা ৷ যিটো ঘটনাই হয়তো এটা নিশাত সলনি কৰিব পাৰে মানুহৰ জীৱনৰ গতিপথ ৷ ক্ষন্তেক সময়ৰ ভুল কৰ্মৰ বাবে কাৰোবাৰ জীৱনটো শেষ হৈ যাব পাৰে ৷ দিনকদিনে বাঢ়ি অহা অপৰাধসমূহো বেছিভাগেই নিচাসক্ত দ্ৰৱ্য সেৱনৰ ফল বুলি ক’ব পাৰি ৷ বিশদিনমানৰ আগৰ  এটা ঘটনা ৷ মই অৱশ্যে নিশা অচিনাকি ফোনকল কেতিয়াও ৰিচিভ নকৰোঁ ৷ নিজৰ আপোন মানুহবোৰৰ বাদে ৷ সেই নিশা প্ৰায় মোলৈ কোনোবা অচিনাকি এটা ফোন আহিল ৷ মই গম পাইছিলোঁ যদিও ফোনটো ৰিচিভ কৰা নাছিলোঁ ৷ কেইবাবাৰো সেই নম্বৰটোৰ পৰা ফোন অহা দেখি উপায়ন্ত হৈ মই ফোন ৰিচিভ কৰিলোঁ ৷ সিমূৰৰ পৰা মহিলা কণ্ঠস্বৰ ভাঁহি আহিল ৷ মই অলপ হতভম্ব হ’লোঁ কিয়নো তেখেতে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে- “ বাইদেউ আমি বৰ বিপদত পৰিছোঁ , আমাক সহায় কৰক- আমাক সহায় কৰক ৷’’ মহিলাগৰাকীৰ মাতটো কঁপি আছিল ৷ মই বাৰুকৈয়ে নাৰ্ভাছ হ’লোঁ  ৷ মই আচৰিত ৷ মই ক’লোঁ এই মাজনিশা মোৰ ঘৰলৈ কোনো আহিব নালাগে ৷ মই কি সহায় কৰিব লাগে মোক কওঁকচোন ৷

মহিলাগৰাকীয়ে ক’লে-  “মই নলবাৰীৰ পৰা কৈছোঁ কিন্তু আপোনাৰ ঘৰৰ ওচৰৰে হয় ৷ পূৰ্বতে আইনী সহায় লবলৈ আপোনাৰ ঘৰলৈ গৈছিলোঁ ৷ কিন্তু এই  মুহূৰ্তত আমি বৰ বিপদত পৰিছোঁ ৷ আমাক উদ্ধাৰ কৰক।”

মই ক’লোঁ——“ আপোনাৰ কি বিপদ হৈছে কওঁকচোন ?”

মহিলাগৰাকী অধৈৰ্য্য হৈ ক’লে- “ বাইদেউ মোৰ দেউতাক কেইজনমান লোকে লখৰাৰ উৰণীয়া সেঁঁতুৰ তলত মাৰপিট কৰি আছে ৷ দেউতাৰ এতিয়া বয়স হৈছে ,তাতে আকৌ তেওঁ গধুলি হ’লে ৰঙীন পনীয়াৰ সৈতে ৰঙীন হৈ থাকে ৷’’

মহিলাগৰাকীয়ে ঠাইখিনিৰ সবিশেষ জনালে ৷ মই তেখেতক ৫ মিনিট সময় বিচাৰিলোঁ ৷ কিয়নো মাজনিশা তেনেধৰণৰ ফোনকল আহিলে আচৰিত হোৱাটো স্বাভাৱিক কথা ৷ গতিকে মই কিছু সময় ভাবিলোঁ ৷ ভাবি ঘপহকৈ লখৰা থানাৰ এজন আৰক্ষী বিষয়াৰ ফোন নম্বৰটো মোবাইলত বিচাৰিলোঁ৷ কিয়নো কিছুদিন পূৰ্বে এইখন থানালৈ কেচ এটা সন্দৰ্ভত গৈছিলোঁ ৷ তেতিয়া সেই আৰক্ষী বিষয়াজনৰ ফোন নম্বৰটো চেভ কৰি ৰাখিছিলোঁ ৷ কিন্তু তেখেতৰ নামটো মই পাহৰি গৈছিলোঁ ৷ ফোন নম্বৰটো মই সেই মহিলাগৰাকীলৈ চেয়াৰ কৰিলোঁ ৷ মহিলাগৰাকীয়ে সবিশেষ ঘটনাটো সেই আৰক্ষী বিষয়াজনৰ আগত অৱগত কৰাৰ কিছু সময়ৰ ভিতৰতে এই থানাৰ আৰক্ষীসকলে উক্ত স্থানত উপস্থিত হৈ সেই মানুহজনক উদ্ধাৰ কৰে ৷

ভাতৃসম আৰক্ষী বিষয়াজনৰ নামটো প্ৰণৱজ্যোতি ৷ মহিলাগৰাকীয়ে মোক জনোৱা মতে উক্ত বিষয়াজনৰ সেইনিশা তেখেতৰ ডিউটি নাছিল ৷ কিন্তু মানৱতাৰ খাতিৰত হয়তু তেখেতে এজন মানুহৰ জীৱন বচালে ৷ তেখেতে এজন মানুহৰ জীৱন বচোৱাই নহয় এটা পৰিয়ালক বচালে ৷ গতিকে এই কথাখিনি লিখাৰ এটাই কাৰণ আজিৰ সমাজতো ভাল মানুহ আছে ৷ কিয়নো সেই নিশা তেখেতৰ ডিউটি নাছিল বাবে তেখেতে যদি ফোনটো ৰিচিভ নকৰিলেহেঁতেন তেতিয়া হয়তু সেই নিশাত সেই মানুহজনৰ ডাঙৰ বিপদ হ’লহেঁতেন! কিয়নো মানুহজনৰ কাষত থিয় দিব পৰাকৈ গুৱাহাটীত কোনো নাছিল ৷ কিয়নো মানুহজনৰ ঘৰ নলবাৰীত আছিল ৷ গতিকে এককথাত ক’বলৈ গ’লে আৰক্ষী বিষয়াজনৰ বাবেই এজন মানুহৰ জীৱন ৰক্ষা পৰাৰ লগতে এটা পৰিয়ালৰো বাচি গ’ল ৷ মানৱতাবোধ আগত ৰাখি কাম কৰা প্ৰতিজন মানুহেই ভাল মানুহ ৷ কিয়নো সকলো মানুহৰে জীৱনত বিপদ আহে ৷ কিন্তু বিপদৰ সময়ত কাৰোবাৰ জীৱন বচোৱাৰ মানসিকতা আগত ৰাখি কাম কৰা প্ৰতিজন মানুহে মহান ৷ তেনেধৰণৰ মানুহৰ সমাজত প্ৰয়োজন আছে ৷ কিয়নো আমি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে নিজৰ বিপদ এটা আহিলেহে আমি অনুভৱ কৰিব পাৰোঁ , আৰু আনৰ বিপদ দেখি হয়তু আমি আত্মতৃপ্তি লাভ কৰোঁ ৷ আপুনি , মই আমিবোৰেই সমাজ এখন গঢ়িব লাগিব ৷ বেলেগৰ বিপদৰ সময়ত আমি সদভাৱেৰে তেখেতসকলৰ কাষত থিয় দিয়াৰ মানসিকতা গঢ় ল’লে আমাৰ আশেপাশে থকা পৰিবেশবোৰ কিমান সুন্দৰ হ’ব এবাৰ ভাবকচোন ৷