মোৰ কবিতাৰ কুহেলিকাত তোমাৰ প্ৰতিচ্ছবি – মাৰ্জিনা বেগম

pc-shutterstock

মোৰ কবিতাৰ কুহেলিকাত তোমাৰ প্ৰতিচ্ছবি

 মাৰ্জিনা বেগম, বৰপেটা

তোমাৰ নামত উৎসৰ্গিত উজাগৰী নিশাৰ
অভিযোগ বোৰ ভিত্তিহীন আছিল
কিজানিবা প্ৰতিশ্ৰুতি বিহীন হেৰাই যায়
হৃদয়ৰ গোপন কোঠৰীত সযতনে সাঁচি থোৱা
হেঁপাহৰ ৰাগী লগা উশাহৰ চিন।
দুচকুৰ বেলি ফুলত যে  চুমিছিল
দিগন্ত পিয়াসী জুৰণি বিহংগম ,
চৌদিশে মুখৰিত কৰা জীৱন জীয়াৰ কিৰিলি
ভাগ্য ব্যাধৰ কুটিল হাঁহিত প্ৰাণ হেৰুৱাইছিল
কৰ্ণকুহৰত ভাহি আহিছিল বিকট চিঞৰ ।
স্বপ্নাতুৰ পৃথিৱীত বৈছিল চকুৰ শোণিত
শূণ্যতাই কাঢ়িছিল দীঘল হুমুনিয়াহ
শূণ্য বুকুতে বাস্তৱতাই হানিছিল ব্যৰ্থতাৰ তৰোৱাল
জীৱন্তে কবৰস্থ কৰা হৈছিল এটি কঁহকহীয়া দেহ
ছাইনবোৰ্ডত লিখিছিল চিৰ শান্তি কামনাৰে।
কথাবোৰ তুমি ভবাৰ দৰে নহয় দিয়া
প্ৰচণ্ড ধুমুহাই ভাঙি থৈ যোৱা গছজোপাৰ দৰে
ঠন ধৰি উঠা ডাল পাত বোৰ ৰ’দত শুকাইছে
কিন্তু ৰুক্ষতাই মোক ঢাকিব নোৱাৰে
সেয়েতো নাজানা বুকুৰ কোষত
জাই ফুল ফুলে নে জুই ফুল জ্বলে!
আজিও সাৰে থাকে গভীৰ ৰজনী
শোকত নে ভোকত ধৰিব নোৱাৰি
হয়তো কোমল কলিজা লাহেকৈ শিল হৈ পৰিছে
তথাপি কেতিয়াবা  নিজানৰ সুহুৰিত
প্ৰাণ পাই উঠে কাঠ হোৱা চকুলোৰ গান।
অভিশপ্ত বা- মাৰলিত মোৰ সৌভাগ্য এয়ে যে
তুমি মোৰ প্ৰেমত পৰিছিলা হৃদয় স্পৰ্শি,
বহু প্ৰত্যাশাৰ পদূলিত শুনিছোঁ আহত প্ৰতিধ্বনি
দূৰ প্ৰান্তত ঠেকা খাই আমনি কৰেহি
তথাপি মনৰ তাড়নাই নামানে বাৰিষা নে খৰালি
মোৰ কবিতাৰ কুহেলিকাত ভাহে তোমাৰ প্ৰতিচ্ছবি ।