মোৰ আই
এছ ইছলাম, শিক্ষক
মোৰ আই কাৰো লগত
তুলনা কৰা নাযায়,
মোৰ আই সহজ সৰল
জটিলতা ভাৱ নাই।
মোৰ আই গোৰা ধৰ্মীয়া
ঈশ্বৰ ভক্ত হয়,
মোৰ আই পতি সেৱী
পৰম ধাৰ্মিক ভাই ।
মোৰ আই পুত্ৰ বাৎসল্য
মৰম-চেনেহী হয়,
মোৰ আই মাতৃ সুলভ
কথাবিলাক কয় ।
মোৰ আই আমাক খুৱাই
থাকে নোখোৱাকৈ,
মোৰ আই খেতি পথাৰলৈ
যায় ধান ৰুবলৈ।
মোৰ আই মাছ ধৰিবলৈ
জাকৈ খালৈ লয় ,
মোৰ আই মোৰ দেউতা
গাৱলীয়া চহা হয়।
যাৰ মাজত অকণ মানো
হিংসা-দ্বেষ নাই ,
মোৰ ককাই মোৰ ভাই
সকলো আপোন।
মোৰ আই মোৰ পিতাই
সবাৰে এক মন,
মোৰ আই মোৰ দেশ
সবাতোকে আপোন ।