মোৰো এটা সপোন আছিল
বিপিন টায়ে, ধেমাজি
আপুনি কোৱাৰ দৰে
হ’ব নিবিচাৰে মোৰ মনে।
মোৰো টো এটা সপোন আছে।
সেই চিৰিয়াখানাৰ জন্তুৰ দৰে
মই থাকিব বিচৰা নাই।
সদায় যেন কাৰোবাৰ আদেশ শুনি
মই জীয়াই থাকিব খোজা নাই।
ময়ো কেতিয়াবা ফাগুন হ’ব খোজোঁ।
কেতিয়াবা চিলা হৈ উৰিব খোজোঁ।
কিন্তু!!!
কিয় বাৰে বাৰে উজুতি খাও!
কিয় মাজবাটত পিচলি পৰোঁ।
উভতি আহিবলৈও বহু দূৰ আহিলোঁ
আগলৈ যাবলৈও ভাগৰি পৰিলোঁ।
মোৰ সপোন আজি বহু দূৰত ৰ’ল
আৰু মই অন্তিম বাৰৰ বাবে
মাজবাটৰ পৰাই সপোনক বিদায় দিলোঁ।