‘মোদী উপাধি’ মন্তব্যৰ গোচৰত দোষী সাব্যস্ত ৰাহুল গান্ধী
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে গুজৰাটৰ চূৰাট আদালতে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক। প্ৰধানমন্ত্ৰী মোদী “চোৰ” বুলি কৰা মন্তব্যৰ বাবেই আদালতত শুনানি হৈছিল। এই গোচৰত আদালতে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক। এই ঘটনা ২০১৯ চনৰ ১৩ এপ্ৰিলৰ । কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- ”নীৰৱ মোদী, ললিত মোদী,নৰেন্দ্ৰ মোদীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোদী হয়? ” ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোদীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল। চাৰি বছৰ পুৰণি এই গোচৰটোৰ শুনানিৰ সময়চোৱাত আদালতত ৰাহুল গান্ধী উপস্থিত থাকে। তেওঁৰ লগতে গুজৰাটৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা আদালতত উপস্থিত আছিল।