মোক এক্সট্ৰা টেক্স নালাগেঃ পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
ৰঙিলী বাৰ্ত্তাসেৱা- নিত্য-ব্যৱহার্য খাদ্য সামগ্রী,ইন্ধনজাত আৰু নির্মাণ সামগ্রীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক টেঁটু চেপা দিছে যদিও ইয়াৰ পৰা পৰিত্রাণ পাবলৈ দায়িত্বশীল মহলৰ কাৰোৰে হাতত নাই সঠিক উত্তৰ৷দাম বৃদ্ধি বিষয়টোৰ পৰা সকলোৱে কেৱল পলাব বিচাৰে৷মুখ্যমন্ত্রী ড০ শর্মাই অসমত দাম বৃদ্ধি হোৱাৰ কথা স্বীকাৰ কৰিছে, কিন্তু সমাধানৰ সূত্র দিয়া নাই৷ ইফালে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,” পেট্ৰ’ল-ডিজেলৰ দাম কমিব বুলি আশাবাদী৷কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীয়ে বিবৃত্তি দিছে৷অসম চৰকাৰে কি কৰিব পাৰি চাই আছেৰাজ্য চৰকাৰৰ টেক্স যিমান পাৰি কমাম৷আমি সৰ্বসাধাৰণ ৰাইজৰ লগত আছো৷মোক এক্সট্ৰা টেক্স নালাগে৷ৰাইজৰ লগত আমি আছো৷পৰিস্থিতি আৰু কেইটামান দিনৰ পৰা স্বাভাবিক হৈ পৰিব৷ক’ভিডে অর্থনীতি ক্ষতি কৰাৰ বাবে দাম বৃদ্ধি হৈছে৷’’