মৈৰাবাৰী বজাৰত ধাৰাবাহিক চুৰিকাণ্ড অব্যাহত

মৈৰাবাৰী বজাৰত ধাৰাবাহিক চুৰিকাণ্ড অব্যাহত

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা কিছুদিন ধৰি চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে মৈৰাবাৰী বজাৰৰ ব্যৱসায়ী সকল। এটাৰ পিছত এটাকৈ বজাৰস্থিত দোকান সমূহত ধাৰাবাহিক চুৰিকাণ্ড অব্যাহত আছে। বৰ্তমানে চোৰৰ প্ৰথম পছন্দ হৈ পৰিছে মৈৰাবাৰীৰ মবাইল দোকান সমূহ।যোৱা সপ্তাহত মৈৰাবাৰীৰ মুষ্টাক কম্পিউটাৰ নামৰ মবাইল দোকান খনৰ পৰা লক্ষাধিক টকাৰ উপৰিও মবাইল ফোন চুৰি হৈছিল। সেই চোৰৰ সন্ধান নোলোৱাতে যোৱা ৰাতি বৰষুণৰ সুযোগ লৈ মৈৰাবাৰী টাটা ছুম ষ্টেণ্ডৰ কাষতে অৱস্থিত আশ্বিকুল মোবাইল শ্বপ নামৰ এখন মোবাইলৰ দোকানত চোৰে চিলিং ভাঙি ২৭ টাকৈ মবাইল ফোন সহ দোকানত ৰাখি থোৱা কিছু নগদ ধন লৈ উধাও হয়। ৰাতিপুৱা ঘটনাটো পোহৰলৈ অহাত দোকানৰ মালিক আশ্বিকুল ইছলামে চি চি টিভি কেমেৰাৰ ৰেকৰ্ডৰ পৰা চুৰটোক চিনাক্ত কৰাৰ লগতে মৈৰাবাৰী আৰক্ষী থানাত এখনি এজাহাৰ দাখিল কৰে।এজাহাৰৰ ভিত্তিত ভেলুগুৰি গাঁৱৰ আজিজুল হক(২৩)নামৰ যুৱক জনক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আজিজুল হকৰ পৰা ২৭ টা মোবাইল ফোন উদ্ধাৰ কৰে। ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে চুৰটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি সন্ধৰ্ভত তদন্ত আৰম্ভ কৰিছে।আনহাতে এই চুৰি কাণ্ডত মৈৰাবাৰী অঞ্চলৰ একাংশ ড্ৰাগছ আসক্ত যুৱক এই চুৰি কাণ্ডত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।