মেচেঞ্জাৰৰ ভিডিঅ’ কলৰ পৰা সাৱধান
- মই আজি যিটো সমস্যাৰ কথা আলোচনা কৰিব ওলাইছোঁ ফেচবুক ব্যৱহাৰকাৰীসকলৰ প্ৰায় গুৰুসংখ্যক উপভোক্তাই এই সমস্যাৰ মুখামুখি হৈছে।আমি জানো যে মানুহ জাতিটো হ’ল টকা-পইচা প্ৰেমী জাতি।টকা-পইচাৰ কাৰণে আজিলৈকে এনে কোনো কাম বাকী নাই যাক মানুহ জাতিটোৱে কৰা নাই।সম্পৰ্কৰ ডাঙৰ ডাঙৰ বান্ধোনবোৰত ঘূণে ধৰাৰ প্ৰধানতঃ কাৰণটোৱেই হ’ল টকা-পইচা। আপুনি বসবাস কৰা গাওঁ কিম্বা চহৰখনৰ মানুহবোৰৰ গতি বিধি লক্ষ্য কৰিবচোন,সকলোৰে মাজত মাথোঁ ব্যস্ততা ।তাৰ কাৰণ খুচুৰি উলিয়াব গ’লে চাব সকলোৰে লক্ষ্যস্থানটোৱেই টকা-পইচা।
- আধুনিক প্ৰযুক্তিয়ে মানুহক যিমানেই উন্নত জীৱন ব্যৱস্থালৈ গতি কৰাইছে মানুহবোৰ সিমানেই টেঙৰ হোৱাৰ লগতে বিপদতো পৰিব ধৰিছে।আজি কালি ইউটিউব ফেচবুক বা অন্যান্য এপ সমূহ খুলিবই নোৱাৰি সকলোতে মাথোঁ সহজতে ধনী হোৱাৰ পদ্ধতি শিকোৱাৰ ভিডিঅ’ অথবা বিজ্ঞাপন।”গছত গৰু উঠা” ধৰণৰ এনে বহুসংখ্যক এপৰ এড আহে যাৰ পিছে পিছে দৌৰি মানুহ সৰ্বহাৰা হয় অথবা বহুমূল্যৱান সময়বোৰ বৰ্বাদ কৰা পৰিলক্ষিত হয়।এই সকলোবোৰ বিষয় একাষৰীয়া কৰি আজি অন্য এটা পইচা উপাৰ্জনৰ কূটকৌশলৰ বিষয়ে আলোচনা কৰোঁ আহক।
- মেচেঞ্জাৰ….।হুৱাটছাপ এপটোৰ পিছত বাৰ্তালাপ কৰাৰ অন্য এটি বিশেষ মাধ্যম হ’ল এই মেচেঞ্জাৰ। ফেচবুকত লগ পোৱা বন্ধু-বান্ধৱীৰসকলৰ সৈতে ব্যক্তিগত বাৰ্তালাপৰ বাবে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জোকাৰ্বাৰ্গে এইটো এটা ধুনীয়া প্লেটফৰ্ম আমাক উপহাৰ দিছে।এটা সময়ত আমি মেচেঞ্জাৰক অদৰকাৰী এটা এপ হিচাপে গণ্য কৰি আহিছিলোঁ যদিও আজি আমাৰ জীৱনৰ লগত মেচেঞ্জাৰ এপটো ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে।ইয়াক অকল বাৰ্তালাপেই নহয়,তাৰ বাহিৰেও অন্যান্য কামতো ব্যৱহাৰ কৰোঁ। বিশেষকৈ সাহিত্যৰ লগতে জড়িত থকা মানুহবোৰৰ বাবে এই এপটো অতিকৈ প্ৰয়োজনীয়।সাহিত্য গোটসমূহৰ বিভিন্ন প’ষ্টৰ লিংক শ্বেয়াৰ কৰা,মেল মিটিং সমূহত আমন্ত্ৰণ জনোৱা,নিজৰ গোটৰ সদস্যসকলৰ আলোচনাৰ বাবে ব্যক্তিগত মেচেঞ্জাৰ গোট খোলা ইত্যাদি কামবোৰ মেচেঞ্জাৰত ধুনীয়াকৈ চলি থাকে।ইয়াতে আমি এজনে আনজনক ভিডিঅ’ কল কৰিব পাৰি। তাতোকৈ ডাঙৰ কথা হ’ল ইয়াতে আমি গ্ৰুপ ভিডিঅ’ কলৰ জৰিয়তে সম্পূৰ্ণ মিটিং এটাৰ ব্যৱস্থা কৰিব পাৰি।হয়তো সেই মিটিঙত অংশ লোৱা সদস্যবোৰ আমেৰিকা,অষ্ট্ৰেলিয়া, ইন্ডিয়া অথবা জাপানত থাকে। কিন্তু মিটিং চলি থকা সময়ত এনে লাগে যেন আমি একেলগে এটা কক্ষতে বহিয়েই মিটিং কৰি আছোঁ।
- এনে সুবিধাৰ সমূহৰ আঁত ধৰি কিছু দুষ্ট চক্ৰই মেচেঞ্জাৰৰ পৰা অসৎ উপায়েৰে টকা ঘটাৰ পাং পাতিছে।আপোনালোকৰ মাজত এনে বহুসংখ্যক বন্ধু বান্ধৱী আছে যিয়ে এই দুষ্ট চক্ৰৰ অভিসন্ধিত পৰিছে হয়তো।এই দুষ্ট চক্ৰই ফেচবুকত সদায় নিজৰ চিকাৰ বিচাৰি নাৰীৰ প্ৰতি দুৰ্বল থকা মানুহৰ অনুসন্ধান কৰি ফুৰে। সিহঁতৰ প্ৰফাইলত সদায় সুন্দৰী সুন্দৰী যুৱতীৰ ছবিৰে ডিপি সুসজ্জিত কৰি ৰাখে।সিহঁতৰ বেছি ভাগৰে নাম থাকে এনে ধৰণৰ- Kajal Agarwal,Kalpana Sengupta,Anjena grace, Pooja sharmah, Rosemary Benedict, Priyanka Sharmah,Porishma Gogoi,Rani Das,Payal Rathor,Moneka Sharmah,Parkas Banset,Sumi Das ইত্যাদি। ইহঁতৰ প্ৰায়ভাগ একাউন্টত ঠিকনা হিচাপে নাম দিয়া থাকে কামাখ্যা বুলি।
- ইহঁতে প্ৰথমে মেচেঞ্জাৰত হাই হেলো কৰে তাৰ পিছত যৌনগন্ধী কথাবোৰ কয়।তাৰ পিছত হুৱাটচ্আপ নাম্বাৰ বিচাৰে। কিছুমানে তাতেই ভিডিঅ’ কল কৰি পেলায়।নাৰীলোভী মানুহবোৰে সিহঁতৰ কামোত্তেজনামূলক কথাবোৰত পতিয়ন গৈ নিজৰ হিতাহিত জ্ঞান হেৰাই পেলায় আৰু উত্তেজনা দমন কৰিবলৈ সিহঁতৰ ভিডিঅ’ কল ৰিচিভ কৰে।কল চলি থকা সময়ত মানুহজন হৈ পৰে সিহঁতৰ হাতৰ কাঠপুতলা। সিহঁতে নিজৰ ইচ্ছামতে মানুহজনক নচুৱায় লগতে সমস্ত কাণ্ড কাৰখানা খিনি স্ক্ৰীণ ৰেকৰ্ড কৰে। ভিডিঅ’ কল কাটি দিয়াৰ পিছ মুহূৰ্তৰ পৰা আৰম্ভ হয় সিহঁতৰ আচল খেল।মানে সেই ভিডিঅ’ ভাইৰেল কৰাৰ ভয় দেখুৱাই মানুহ জনক ব্লেক মেইলিং কৰি থাকে।মানুহবোৰে নিজৰ মান সন্মান ধূলিসাৎ হৈ যোৱাৰ ভয়তে সিহঁতে দাবী কৰা টকা অনলাইন পে কৰি পঠিয়াই দিয়ে।তাৰে ভিতৰত অতি অল্প সংখ্যক মানুহ পুলিচৰ সহায় লয় যদিও কোনো কামত নাহে। কিছুমানে সিহঁতৰ দাবী মতে টকা দিব নোৱাৰি আত্মহত্যা ও কৰে।
- এনেবোৰ কাহিনী হয়তো আজিলৈ আপোনাৰ লগত ঘটা নাই,কি ঠিক কাইলৈ আপোনাৰ নতুবা আপোনাৰ কোনো আত্মীয়ৰ লগতো ঘটি যাব পাৰে। গতিকে বন্ধুত্বৰ ৰিকুৱেষ্ট এক্সেপ্ট কৰাৰ আগতে সাৱধানতাৰে ৰিকুৱেষ্ট পঠিওৱা মানুহজনৰ টাইমলাইনত গৈ তেওঁৰ বিষয়ে তথ্য অনুসন্ধান কৰক।মিচ্চুৱেল ফ্ৰেইণ্ডছ লক্ষ্য কৰক কোন কোন অথবা কেইজন আছে।প্ৰফাইল লক থকা ৰিকুৱেষ্টক আওকাণ কৰি চলক। অদ্ভুত ধৰণৰ নাম থকা ৰিকুৱেষ্ট এক্সেপ্ট নকৰিব।ভুলবশতঃ হৈ গ’লেও গম পোৱাৰ লগে লগে ব্লক মাৰি দিব। আৰু এটা কথা মনত ৰাখিব নাৰীবোৰ ইমান সস্তীয়া নহয় যে আপোনাক উপযাচি কল কৰি যৌনতাৰ কথা ক’ব।এজন নাৰীৰ চৰিত্ৰ যিমানেই বেয়া নহওক উপযাচি কল নকৰে আৰু কল কৰে যদিও উপযাচি দুই মিনিটত যৌনতাৰ বাবে আপোনাক আমন্ত্ৰণ নকৰে। সৰ্বশেষত এটা কথা কও, যিমান দূৰ সম্ভৱ সন্তান সন্ততিৰ পৰা আপোনাৰ ম’বাইলটো আঁতৰাই ৰাখক।
- মই ভাবোঁ যে উপৰোক্ত কথাবোৰ মন কৰি চলিলে এনে সমস্যাবোৰৰ সন্মুখীন হ’বলগীয়া নহ’ব।
কাজি শ্বাহাদত ইছলাম