মৃত্যু বাহিনীৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম – নাছিৰ আহমেদ

মৃত্যু বাহিনীৰ স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱালৈ সশ্ৰদ্ধ প্ৰণাম

নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা

ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া মহিলা শ্বহীদ কনকলতা বৰুৱাই  ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ ( বৰ্তমান শোণিতপুৰ জিলা) গহপুৰৰ ছয় দুৱাৰ সমষ্টিৰ কলংপুৰ মৌজাৰ বৰঙাবাৰী গাঁৱৰ দোলাকাষৰীয়া বৰুৱা বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কৰ্ণেশ্বৰী বৰুৱা। পাঁচ বছৰ বয়সতে কনকলতাই মাকক  আৰু তেৰ বছৰ বয়সত দেউতাকক হেৰুৱাই ঘাট মাউৰা হৈ পৰে। সেয়ে, প্ৰাথমিক বিদ্যালয়ৰ মাত্ৰ তৃতীয় শ্ৰেণীলৈকে পঢ়াশুনা কৰি তেওঁ ভাই-ভনী সকলৰ যত্ন লবলৈ বিদ্যালয় এৰে। কনকলতাই ল’ৰালি কালতেই জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলি থকা ভাৰতৰ  স্বাধীনতা আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। আমাৰ দেশত বিভিন্ন সময়ত ভাৰতৰ সভ্যতা, সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত সদায় ভাৰতীয় নাৰী সকলে আগৰণুৱা আছিল। যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছ শাসকৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গোটেই ভাৰতৰ প্ৰান্তে প্ৰান্তে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো পুৰুষে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া সমান্তৰাল ভাৱে ভাৰতীয় নাৰী সকলেও স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশ গ্ৰহণ কৰি প্ৰভূত পৰিমাণে অৰিহণা আগবঢ়াইছিল। অসমতো  ব্ৰিটিছ শাসকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোঁৱাৰ উঠাৰ সময়ত অসমৰ মহিলা সকলেও ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ নাথাকি প্ৰকৃত দেশপ্ৰেমত উদ্বুদ্ধ হৈ অদম্য সাহসৰে সৈতে বৃটিছ শাসকৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জঁপিয়াই পৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, কনকলতাৰ মোমায়েক দেবেন্দ্ৰনাথ বৰা আৰু যদু ৰাম বৰা আছিল কংগ্ৰেছী নেতা। সৰুৰে পৰাই তেওঁ মোমায়েক দুজনৰ মুখত ব্ৰিটিছ শাসকে ভাৰতৰ জনগণৰ ওপৰত চলাই যোৱা বৰ্বোৰোচিত অত্যাচাৰ, নিৰ্যাতনৰ কথা শুনি তেওঁৰ মনত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহৰ ভাৱ জাগ্ৰত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনত ভাৰতৰ কোটি কোটি জনতাৰ আত্মবলিদানৰ কাহিনী শুনি মহাত্মা গান্ধীৰ ত্যাগ আৰু অহিংস দৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ মনে প্ৰাণে সাজু হৈছিল।

যেতিয়া মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইৰ গোৱালিয়ৰ টেঙ্ক ময়দানত  মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাৰত ত্যাগ বা কুইট ইণ্ডিয়া প্ৰস্তাৱ গ্ৰহণ কৰি ব্ৰিটিছ শাসকক দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হ’ল; অন্যথা ব্ৰিটিছ শাসকৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলা হ’ব আৰু আন্দোলনৰ মূল মন্ত্ৰ হ’ব, হয় কৰিম নহয় মৰিম ( Do or die) মৰেঙ্গে ইয়া মাৰেঙ্গে ,লড়কে লেঙ্গে হিন্দুস্তান” আন্দোলনৰ সূচনা হ’ল ব্ৰিটিছ শাসকে ভাৰতীয় জনতাৰ ওপৰত তীব্ৰ নিৰ্যাতন চলাই যাবলৈ ধৰিলে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা জাতিৰ পিতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ আৰু চৰ্দাৰ বল্লভভাই পেটেলক গ্ৰেপ্তাৰ কৰি জামিনবিহীন ভাৱে কাৰাগাৰৰ অন্ধকাৰ কক্ষত অনিৰ্দিষ্ট সময়ৰ বাবে বন্দী কৰি ৰাখিলে।

ব্ৰিটিছ শাসকৰ দমনমূলক নীতি আৰু ভাৰত ত্যাগ আন্দোলনৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত গোটেই ভাৰততে ব্যাপক আন্দোলন আৰম্ভ হ’ল। অসমতো ভাৰত ত্যাগ আন্দোলনৰ মূল মন্ত্ৰ কৰিম বা মৰিম (Do or die)ৰ দ্বাৰা পৰিচালিত হৈ নেতৃত্ব প্ৰদান কৰা শীৰ্ষস্থানীয় কংগ্ৰেছী নেতা মহম্মদ তৈয়ব উল্লাহ, গোপীনাথ বৰদলৈ,সিদ্ধিনাথ শৰ্মা, বিষ্ণু ৰাম মেধি, দেৱেশ্বৰ শৰ্মা,হৰে কৃষ্ণ দাস, পীতাম্বৰ দেৱ গোস্বামী, কৃষ্ণ দেৱ গোস্বামী আদিক গ্ৰপ্তাৰ কৰাৰ প্ৰতিবাদত অসমৰ দৰং,নগাঁও , কামৰূপ, গোৱালপাৰা, শিৱসাগৰ আদি সকলো ঠাইতে সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ৰে’ল লাইন উঠোৱা, চৰকাৰী কাৰ্যালয়, সৈন্য বাহিনীৰ ছাউনী ধ্বংস কৰা আৰু টেলিফোন সংযোগ বিচ্ছিন্ন কৰা আদি কুটাঘাতমূলক কাৰ্যত আন্দোলনকাৰী সকলে জড়িত হৈ পৰে। ব্ৰিটিছ শাসকেও অসম প্ৰদেশ কংগ্ৰেছে গঠন কৰা ” স্বেচ্ছাসেৱক বাহিনী”ৰ ২০ হেজাৰ সদস্যক গ্ৰেপ্তাৰ কৰি  আন্দোলন দমন কৰিবলৈ উঠি পৰি লাগিল।

সেই সময়ত ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কংগ্ৰেছ মহিলা নেতৃ পুষ্প লতা দাসৰ উদ্যোগত অসমত ” শান্তি বাহিনী” আৰু “মৃত্যু বাহিনী” গঠন কৰি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিদ্ৰোহমূলক কবিতা আৰু গীত পৰিৱেশন কৰি অসমৰ যুৱক-যুৱতী সকলৰ বুকুত বিদ্ৰোহৰ ভাৱ জাগ্ৰত কৰি ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ কৰি তুলিলে।

ভাৰত ত্যাগ আন্দোলনৰ এই কাৰ্যসূচী সঠিক ভাৱে ৰূপায়ণ কৰিবলৈ দৰং জিলাৰ জাৰনিয়াল সত্ৰৰ নামঘৰত ১৯৪২ চনৰ ৮ চেপ্তেম্বৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, শান্তি বাহিনীয়ে গঠন মূলক কামত জড়িত হৈ দেশৰ শান্তি শৃংখলা বজাই ৰাখি ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিব। আনহাতে শান্তি বাহিনী আৰু মৃত্যু বাহিনীয়ে একত্ৰিত হৈ ২০ চেপ্তেম্বৰ তাৰিখে শোভাযাত্ৰা কৰি দৰং জিলাৰ সকলো আৰক্ষী চকী আৰু কাছাৰী ঘৰত বিশেষকৈ দৰং জিলাৰ গহপুৰ, বিহালি, চতিয়া আৰু ঢেকিয়াজুলি থানাত উত্তোলিত হৈ থকা ইংৰাজ শাসকৰ পতাকা জেক ইউনিয়ন নমাই  ভাৰতৰ কংগ্ৰেছৰ জাতীয় পতাকা উত্তোলন কৰিব। এই শোভাযাত্ৰাত একেবাৰে সন্মুখৰ শাৰীত নেতৃত্ব প্ৰদান কৰিব মৃত্যু বাহিনীৰ সংগ্ৰামী সদস্য সকলে।

পৰিকল্পনা অনুসৰি ২০ চেপ্তেম্বৰ তাৰিখে গহপুৰ থানাৰ সন্মুখত ইংৰাজৰ জেক ইউনিয়ন নমাই স্বাধীন ভাৰতৰ ত্ৰিৰঙ্গা পতাকা উত্তোলনৰ দায়িত্ব পৰিছিল জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰা মহিলা সংগ্ৰামী পুষ্প লতা দাসৰ ওপৰত। কিন্তু, ঔপনিৱেশবাদী ব্ৰিটিছ শাসকে দেশৰ মুক্তিকামী লাখ লাখ জনতাৰ ওপৰত নিৰ্বিচাৰে চলাই যোৱা বৰ্বোৰোচিত অত্যাচাৰ নিৰ্যাতনৰ বলি হৈ শান্তি বাহিনী আৰু মৃত্যু বাহিনীয়ে হয় শ্বহীদ বা আহত হৈ চিৰ পঙ্গুত্বৰ দুৰ্বিসহ যন্ত্ৰণাৰ কৰুণ চিত্ৰ অৱলোকন কৰি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে কনকলতাৰ বুকুত বিদ্ৰোহৰ জুই দপদপকৈ জ্বলি আছিল। সেয়ে মৃত্যু বাহিনীৰ সংগ্ৰামী স্বেচ্ছাসেৱিকা চিৰ বিপ্লৱী সত্তা অসমীয়া গাভৰু কনকলতা বৰুৱাই দল নেতা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কংগ্ৰেছ মহিলা নেতৃ পুষ্প লতা দাসে নিৰ্দেশ জাৰি কৰাৰ লগে লগে স্বইচ্ছাৰে অগ্ৰগামী ভূমিকা লৈ দেশৰ মুক্তিৰ বাবে গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈছিল। গহপুৰত গোলোক চন্দ্ৰ পূজাৰী আৰু জোনা ৰাম ভূঞাৰ নেতৃত্বত শোভাযাত্ৰা উলিয়াই প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা গহপুৰ থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত আছিল দুৰন্ত সাহসী নেতৃ কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানাত প্ৰৱেশ কৰাৰ সময়ত পুলিচ বাহিনীৰ লগত স্বাধীনতা সংগ্ৰামীৰ সদস্যসকল আৰু সংগ্ৰামী নেতৃ কনকলতা বৰুৱাৰ সৈতে টনা আঁজোৰা লাগে। কনকলতা বৰুৱাই নিজৰ দাবী সাব্যস্ত কৰি ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ উদ্যত হোৱাৰ লগে লগেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকু লক্ষ্য কৰি গুলি এৰে।

লগে লগে কনকলতা মাটিত ঢলি পৰি শ্বহীদ বৰণ কৰে। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিদ্ৰোহী গীত ” বিশ্ব বিজয়ী নজোৱান, বিশ্ব বিজয়ী নজোৱান তই কৰিব লাগিব ৰক্তস্নান!” মন্ত্ৰৰেৰে দীক্ষিত হৈ দেশৰ স্বাধীনতাৰ বাবে জীৱন পণ কৰি গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা কনকলতা বৰুৱাৰ আত্মত্যাগত অনুপ্ৰাণিত হৈ দেশৰ স্বাধীনতাৰ বাবে মুক্তি যুঁজাৰু সকলে  এক নদী ৰক্ত প্ৰৱাহিত কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰিছিল। শ্বহীদ কনকলতাৰ আত্মত্যাগ অথলে যোৱা নাছিল। শ্বহীদ কনকলতাৰ দৰে হাজাৰ হাজাৰ শ্বহীদৰ ত্যাগৰ বিনিময়ত আমাৰ দেশে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ শাসকক ওফৰাই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতি বছৰে ২০ ছেপ্তেম্বৰত অসমৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে চৰকাৰী বা বেচৰকাৰী ভাৱে শ্বহীদ কনকলতাৰ বলিদানক সন্মান প্ৰদৰ্শন কৰি শ্বহীদ দিৱস পালন কৰে।

শ্বহীদ কনকলতা আৰু শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতিত  ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব যুগল মূৰ্ত্তি গহপুৰ থানাৰ সন্মুখত বৰ পুখুৰীৰ পাৰত উচ্চ শিৰে দণ্ডায়মান। ১৯৯৮ চনত তেওঁৰ নামেৰে কনকলতা মহিলা আৰবান কো- অ’পাৰেটিভ বেংক লিমিটেড (  Urban Cooperative Bank Limited ) সংক্ষেপে কনকলতা বৰুৱা মহিলা বেংক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা বেংক প্ৰতিষ্ঠা কৰা হয়। অসম চৰকাৰে ২০১৭-১৮ চনত মহিলা আত্মসহায়ক গোটসমূহক আৰ্থিক ভাৱে সবল কৰাৰ উদ্দেশ্যে ” কনকলতা মহিলা সবলীকৰণ যোজনা” ৰ শুভাৰম্ভ কৰে।

তাৰ উপৰিও, ১৯৯৭ চনত আৰম্ভ কৰা উপকুলৰক্ষী বাহিনীৰ প্ৰথম খন পহৰাদাৰী জাহাজ কনকলতা বৰুৱাৰ নামেৰে  নিৰ্মাণ কৰা হয়। ২০১১ চনত গৌৰীপুৰত কনকলতা বৰুৱাৰ এটি জীৱন্ত মূৰ্ত্তি উন্মোচন কৰা হৈছিল।

১৯৯০ চনত কুন্তলা ডেকাৰ পৰিচালনাত কনকলতা বৰুৱাৰ জীৱন ভিত্তিক ” কনকলতা বৰুৱা” বোলছবি নিৰ্মাণ হৈছিল। এই বোলছবিৰ নাম চৰিত্ৰত অভিনয় কৰিছিল   ৰুমী গোস্বামীয়ে।

পৰিচালক চন্দ্ৰ মুদৈৰ কনকলতা বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত এপাহ ফুলিল, এপাহ সৰিল” বোলছবি খন হিন্দী ভাষাত” পুৰৱ কী আৱাজ” নামেৰে বোলছবি নিৰ্মাণ কৰা হৈছিল।

কনকলতা বৰুৱাক ” বীৰ বালা” আখ্যাও দিয়া হৈছে। তথাপি যেন কনকলতা বৰুৱাৰ আত্মত্যাগ বা বলিদানক পূৰ্ণ মৰ্যাদা দিয়া হোৱা নাই যেন লাগে। কেৱল তেওঁৰ নামত বিভিন্ন আঁচনি বা  মূৰ্ত্তি প্ৰতিষ্ঠা কৰিলেই নহ’ব, তেওঁৰ বিপ্লৱী সত্তাৰ স্বৰূপ সম্পূৰ্ণ ৰূপে অনুধাৱন কৰি তাক সমাজত প্ৰতিফলিত কৰিলেহে শ্বহীদ কনকলতা বৰুৱাক পূৰ্ণ মৰ্যাদা দান কৰা হ’ব।