মুহূৰ্ততে শেষ ভাৰত-নিউজিলেণ্ডৰ ফাইনেলৰ টিকট 

মুহূৰ্ততে শেষ ভাৰত-নিউজিলেণ্ডৰ ফাইনেলৰ টিকট 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে দুয়োটা দলৰে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । আনহাতে, এইখন মেচৰ বাবে দুয়োখন দেশৰ অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা ৷ মুকলিৰ প্ৰায় ৪০ মিনিটৰ ভিতৰতে ফাইনেল মেচখনৰ সকলো টিকট বিক্ৰী হৈছে ।  প্রায় ২৫ হাজাৰ লোকৰ আসনৰ ক্ষমতা থকা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সম্প্রতি খালী নাই এখনো আসন। কাৰণ অনুৰাগীসকলে মেচখনৰ বাবে মুকলি কৰা ২৫ হাজাৰ টিকটৰ আটাইবোৰেই ক্ৰয় কৰিছে। ফাইনেলৰ টিকটৰ মূল্য সাধাৰণ শ্ৰেণীৰ বাবে ২৫০ ডিৰহাম (ভাৰতীয় মূল্য ৬,০০০ টকা)ৰ পৰা আৰম্ভ কৰি স্কাই বক্সৰ একচেটিয়া আতিথ্যৰ বাবে ১২,০০০ ডিৰহাম (ভাৰতীয় মূল্য ২,৮৩,৮৭১ টকা) লৈকে নিৰ্ধাৰণ কৰা হৈছিল। অনুৰাগীয়ে ২ লাখ ৮৩ হাজাৰ ৮৭১ টকা পৰিশোধ কৰি ষ্টেডিয়ামৰ পৰা এই মেচখন উপভোগ কৰিবলৈ সৰ্বাধিক দামী টিকটটো ক্রয় কৰিছে।