মুছলিম জাতীয় পৰিষদৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আজি মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু দৰং জিলা সমিতিৰ উদ্যোগত এখন দলীয় কাৰ্য্যকৰী সভা অনুষ্ঠিত হয়৷ সভাত তেওঁলোকৰ দলীয় আলোচনা মৰ্মে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰে৷এতিয়াৰ পৰা প্ৰতি মাহে এখনকৈ কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰিব।প্ৰত্যেক জিলা কমিটীৰ প্ৰতি মাহে এখনকৈ কাৰ্য্যকৰী সভা অনুস্থিত কৰা হ’ব আৰু NDA ৰ কিং মেকাৰ নিতীশ কুমাৰক কম সময়ৰ ভিতৰত মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটীয়ে সাক্ষাৎ কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত পৰিষদৰ কেন্দ্ৰীয় সভাপতি মতিউৰ ৰহমান, সম্পাদক ছাক্লিন মুষ্টাক আৰু ৰুবুল হুছেইন, কলিয়াবৰৰ সভাপতি চাৰিফুল ইছলাম লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৪৫ জন কৰ্মকৰ্তা উপস্থিত থাকে৷