মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰঃ ৰূপজ্যোতি কুৰ্মী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ। তেওঁ দুষ্টক দমন কৰিব আৰু শান্তিৰ অসম হ’ব। চৰাইদেউত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । চৰাইদেউত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘প্ৰভু বিষ্ণুৱে কৈছিল মই দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ সময়ে সময়ে জন্ম ল’ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিষ্ণুৰ অৱতাৰ ৰূপে জন্ম লৈছে। দুষ্টক দমন কৰিব আৰু শান্তিৰ অসম হ’ব।’’ মৰিয়নীৰ বিধায়কগৰাকীয়ে আৰু কয়, ‘‘কোনেও ভবা নাছিল যে ড্ৰাগছৰ প্ৰচলন ইমান হৈ আছিল। ড্ৰাগছৰ বেহা নিঃশেষ কৰাৰ বাবে যিটো দমন নীতি লৈছে, সেয়া দুষ্টক দমন। যোৱা বছৰৰ গঁড় হত্যা হোৱা নাই। অপৰাধবোৰ নিঃশেষ হোৱাৰ দৰে হৈছে। অনশন, ধৰ্মঘট, টায়াৰ জ্বলোৱা আদি ঘটনা অসমত নোহোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিষ্ণুৰ অৱতাৰ লৈ অহাৰ দৰে হৈছে। মই কওঁ বিষ্ণুৰ অৱতাৰৰ দৰে তেখেত আহিছে। দুষ্টক দমন, শান্ত পালনৰ দৰে পদক্ষেপেৰে কাম কৰি গৈ আছে।’’